অসম আৰক্ষীৰ ৮ গৰাকী উপ-আৰক্ষী অধীক্ষকক অতিৰিক্ত আৰক্ষী অধীক্ষকলৈ পদোন্নতি…

অসম আৰক্ষীৰ ৮ গৰাকী উপ-আৰক্ষী অধীক্ষকক অতিৰিক্ত আৰক্ষী অধীক্ষকলৈ পদোন্নতি।

গৃহ বিভাগৰ যুটীয়া সচিবৰ এক নিৰ্দেশনা যোগে ৮ গৰাকী উপ-আৰক্ষী অধীক্ষকক অতিৰিক্ত আৰক্ষী অধীক্ষকলৈ পদোন্নতি দিয়া হৈছে।

তেওঁলোক হৈছে-

  • নলবাৰীৰ উপ-আৰক্ষী অধীক্ষক(সীমান্ত) ধ্ৰুৱজ্যোতি নাথক কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ অতিৰিক্ত আৰক্ষী অধীক্ষকলৈ পদোন্নতি দিয়া হৈছে।
  • ধেমাজিৰ উপ-আৰক্ষী অধীক্ষক(সদৰ) ৰশ্মিৰেখা শৰ্মাক বজালি জিলাৰ অতিৰিক্ত আৰক্ষী অধীক্ষক(সীমান্ত)লৈ পদোন্নতি দিয়া হৈছে।
  • হাইলাকান্দিৰ উপ-আৰক্ষী অধীক্ষক(সদৰ) ডাঃ নৱনীতা দাসক মান্দাকাটা কামাণ্ডো বেটেলিয়ানৰ উপ অধিনায়ক হিচাপে নিযুক্তি দিয়া হৈছে।
  • মুখ্যমন্ত্ৰীৰ নিৰাপত্তাৰ দায়িত্বত থকা উপ-আৰক্ষী অধীক্ষক দেৱব্ৰত মৰাঙক ধুবুৰীৰ অতিৰিক্ত আৰক্ষী অধীক্ষক(সীমান্ত)লৈ পদোন্নতি দিয়া হৈছে।
  • অগ্নিনিৰ্বাপক বাহিনী আৰু জৰুৰীকালীন সেৱাৰ উপ-আৰক্ষী অধীক্ষক সবিতা দাসক চৰাইদেউ জিলাত অতিৰিক্ত আৰক্ষী অধীক্ষক(সীমান্ত)লৈ পদোন্নতি দিয়া হৈছে।
  • নাজিৰাৰ মহকুমা আৰক্ষী বিষয়া প্ৰদীপ কোঁৱৰক কাছাৰৰ অতিৰিক্ত আৰক্ষী অধীক্ষক(সীমান্ত)লৈ পদোন্নতি দিয়া হৈছে।
  • ওদালগুৰি জিলাৰ উপ-আৰক্ষী অধীক্ষক(সদৰ) প্ৰলয় কোঁৱৰক গোৱালপাৰাৰ অতিৰিক্ত আৰক্ষী অধীক্ষক(সীমান্ত)লৈ পদোন্নতি দিয়া হৈছে।
  • আনহাতে শাস্তিমূলক বদলি হোৱা বঙাইগাঁও জিলাৰ অতিৰিক্ত আৰক্ষী অধীক্ষক(সদৰ) পংকজ কাকতিৰ স্থানত বঙাইগাঁৱৰ উপ-আৰক্ষী অধীক্ষক(সদৰ) লুনা সোণোৱালক অতিৰিক্ত আৰক্ষী অধীক্ষক(সদৰ) হিচাপে নিযুক্তি দিয়া হৈছে।

Leave a Comment