fbpx
অসম

অসম আৰক্ষীৰ বাবে আজি গৌৰৱৰ দিন, অসম আৰক্ষীৰ গ্ৰহণ কৰিলে ‘ৰাষ্ট্ৰপতি নিচান’

অসম আৰক্ষীৰ বাবে আজি এক গৌৰৱৰ দিন।

অসম আৰক্ষীৰ গ্ৰহণ কৰিছে ‘ৰাষ্ট্ৰপতি নিচান’।

শান্তি আৰু যুদ্ধ উভয় ক্ষেত্ৰলৈ আগবঢ়োৱা সেৱাৰ স্বীকৃতি স্বৰূপে ৰাষ্ট্ৰপতিৰ নিচান আগবঢ়োৱা হৈছে অসম আৰক্ষীলৈ।

আইন শৃংখলা ৰক্ষা, সন্ত্ৰাসবাদ নিৰ্মূল আদিকে কৰি বহু কেইটা দিশ পৰ্যালোচনা কৰি ৰাষ্ট্ৰপতিয়ে প্ৰদান কৰা এই বিৰল সন্মান মঙ্গলবাৰে নেহেৰু ষ্টেডিয়ামত অনুষ্ঠিত হোৱা এক বৰ্ণাঢ্য অনুষ্ঠানত দেশৰ গৃহমন্ত্ৰী অমিত শ্বাহে প্ৰদান কৰে।

ৰাষ্ট্ৰপতিয়ে প্ৰদান কৰা এই নিচানত আছে অসমৰ মেপৰ লগতে ৩৬ টা বিন্দু আৰু এখিঙীয়া গঁড়ৰ প্ৰতিচ্ছবি। অসমৰ মেপৰ লগত থকা ৩৬ টা বিন্দুয়ে ৰাজ্যখনৰ ৩৬ খন জিলাক প্ৰতিনিধিত্ব কৰিছে।

ৰাষ্ট্ৰপতিৰ নিচান গ্ৰহণৰ বাবে নেহেৰু ষ্টেডিয়ামত অসম আৰক্ষীয়ে অনুষ্ঠিত কৰিছে ‘অলংকৰন পেৰেড’।

এই পেৰেডৰ অনুষ্ঠানত গৃহমন্ত্ৰী অমিত শ্বাহৰ উপৰিও ৰাজ্যৰ মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাৰ লগতে শীৰ্ষ আৰক্ষী বিষয়াসকল উপস্থিত থাকে।

গৃহমন্ত্ৰী অমিত শ্বাহে ৰাষ্ট্ৰপতিৰ নিচান প্ৰদান কৰাৰ পিছতে গড়মূল সত্ৰৰ সত্ৰাধিকাৰ হৰিদেৱ গোস্বামীয়ে শ্লোক পাঠ কৰি ৰাষ্ট্ৰপতিৰ নিচানত শান্তি জল চতিয়াই আৰু বৰদোৱা (বটদ্ৰৱা) সত্ৰৰ সত্ৰাধিকাৰ দেৱানন্দ গোস্বামীয়ে ঘোষা পাঠ কৰে। আনহাতে মায়ামৰা সত্ৰৰ সত্ৰাধিকাৰ মুকুন্দ চন্দ্ৰ গোস্বামীয়ে আশীৰ্বাদ প্ৰদান কৰে।

আনহাতে ৰাষ্ট্ৰপতিৰ নিচান গ্ৰহণৰ পিছতে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই কয়- অসম আৰক্ষীৰ ডেৰশ বছৰীয়া ইতিহাসত ই এক গৌৰৱোজ্জ্বল দিন। অসম আৰক্ষীৰ দায়বদ্ধতাৰ প্ৰতি লক্ষ্য ৰাখি এয়া এক নিস্বাৰ্থ সন্মান।

ভুপেন হাজৰিকা দেৱৰ ‘কত জোৱানৰ মৃত্যু হ’ল’ শীৰ্ষক গীতটিৰে বীৰ আৰক্ষী শ্বহীদ জোৱানলৈ সোঁৱৰণ মুখ্যমন্ত্ৰীৰ।

Related Articles

Leave a Reply

Back to top button

Adblock Detected

Please deactivate AdBlocker to support us!