
নিউজ ডেস্ক। অসম আৰক্ষীৰ প্ৰাক্তন সঞ্চালকপ্রধান মদনৰাম চৌধুৰীৰ দেহাৱসান।
ভাৰতীয় আৰক্ষী সেৱাৰ (IPS) অৱসৰপ্ৰাপ্ত বিষয়াজনে শনিবাৰে দিনৰ প্রায় ৩.৫০ বজাত শেষ নিশ্বাস ত্যাগ কৰে।
মৃত্যুৰ সময়ত তেওঁৰ বয়স আছিল ৯৩ বছৰ।

উল্লেখযোগ্য যে ১৯৩০ চনত জন্মগ্রহণ কৰা চৌধুৰীয়ে ১৯৬০ চনত ভাৰতীয় আৰক্ষী সেৱাত যোগদান কৰিছিল।
চাকৰি কালত তেওঁ তাহানিৰ অবিভক্ত শিৱসাগৰ, লখিমপুৰ, কাছাৰ আৰু নগাঁও জিলাত আৰক্ষী অধীক্ষক হিচাপেও কার্যনিৰ্বাহ কৰিছিল।
With profound grief and sorrow, we regret to inform that Former DGP, Assam Police Shri Madan Ram Choudhury (age 93) is no more with us.
— DGP Assam (@DGPAssamPolice) May 7, 2022
In his honour, a Shok Parade will be organised in the APHQ premise tomorrow morning.
OM Shanti! pic.twitter.com/dIoNy0FVa8
তেওঁ অসম আৰক্ষীৰ সঞ্চালকপ্ৰধান পদৰ পৰা ১৯৮৮ চনত অৱসৰ গ্ৰহণ কৰে।
অসম আৰক্ষীৰ ডিজিপি ভাস্কৰজ্যােতি মহন্তই টুইট কৰি প্ৰয়াত মদন ৰাম চৌধুৰীৰ মৃত্যুত গভীৰ শােক প্ৰকাশ কৰে।