অসম আৰক্ষীৰ জালত আন্তঃৰাজ্যিক বাইক চুৰি চক্ৰ! ৯খন চুৰি বাইক জব্দ, ৯ বাইক চােৰক গ্ৰেপ্তাৰ

নিউজ ডেস্কঃ ধেমাজিত উৎখাত চুৰি বাইকৰ বৃহৎ চক্ৰ। ধেমাজি আৰক্ষীয়ে অভিযান চলাই সোমবাৰে নিশা জিলাখনৰ বিভিন্ন প্ৰান্তৰ পৰা ৯ খন চুৰি বাইক উদ্ধাৰ কৰাৰ লগতে ৯টা বাইক চোৰক আটক কৰিবলৈ সক্ষম হয়।

মঙলবাৰে এক সংবাদমেলযোগে ধেমাজিৰ অতিৰিক্ত আৰক্ষী অধীক্ষক গৌৰৱ কুমাৰ আগৰৱালাই জানিবলৈ দিয়া মতে, চুৰি বাইক সন্দৰ্ভত ধেমাজি সদৰ থানাত ৰুজু হোৱা এটা গোচৰৰ ভিত্তিত অভিযান চলাই আৰক্ষীয়ে দুখন চুৰি বাইক আৰু এখন স্কুটীসহ প্ৰথমে আটক কৰিবলৈ সক্ষম হৈছিল প্ৰাঞ্জল বৰমুদৈ ওৰফে প্ৰাঞ্জল বৰুৱা নামৰ এটা বাইক চোৰক।

photo1661869277
অসম আৰক্ষীৰ জালত আন্তঃৰাজ্যিক বাইক চুৰি চক্ৰ! ৯খন চুৰি বাইক জব্দ, ৯ বাইক চােৰক গ্ৰেপ্তাৰ 3

বাইক চুৰি কাণ্ডক লৈ তদন্ত অব্যাহত ৰাখি বিশেষ খবৰৰ ভিত্তিত সোমবাৰে নিশা জিলাখনৰ বটুৱা, মেচুকা টঙানী, চিতলমাৰী আৰু চিলাপথাৰ আদি অঞ্চলত অভিযান চলাই আৰক্ষীয়ে ৯ খন চুৰি বাইকসহ ৯টা চোৰক কৰায়ত্ত কৰিবলৈ সক্ষম হয়।

ধৃত বাইক চোৰ কেইটাৰ পৰিচয়- প্ৰাঞ্জল বৰমুদৈ ওৰফে প্ৰাঞ্জল বৰুৱা (৩১), ডিম্বেশ্বৰ পেগু (৪০), ডক্টৰ কুটুম (৩৫), টিপু দলে (৩২), নোমল কুলি (২৪), হিমাংশু কুলি (২৩), মেঘনাথ মিলি (৩০), ভৱেশ কাৰ্দং (৩৯) আৰু ৰাজীৱ বৰগোহাঁই (২৬) বুলি জানিব পৰা গৈছে।

photo1661869269
অসম আৰক্ষীৰ জালত আন্তঃৰাজ্যিক বাইক চুৰি চক্ৰ! ৯খন চুৰি বাইক জব্দ, ৯ বাইক চােৰক গ্ৰেপ্তাৰ 4

ইফালে অতিৰিক্ত আৰক্ষী অধীক্ষক গৌৰৱ কুমাৰ আগৰৱালাই সদৰী কৰা মতে, এতিয়াও ধেমাজিত সক্ৰিয় হৈ আছে বাইক চুৰি চক্ৰ। যাৰ পৰিপ্ৰেক্ষিতত চুৰি বাইক আৰু চোৰৰ সন্ধানত এতিয়াও অভিযান অব্যাহত ৰাখিছে ধেমাজি আৰক্ষীয়ে।

অন্যহাতে বাইক চুৰি চক্ৰৰ বিৰুদ্ধে ধেমাজি আৰক্ষীয়ে লাভ কৰা সফলতাৰ শলাগ লৈছে ধেমাজিবাসীয়ে। বাইক চুৰি সন্দৰ্ভত তথ্য সদৰী কৰা অনুষ্ঠিত কৰা সংবাদমেলখনত ধেমাজিৰ ডিএছপি আবুতানি দলে আৰু ধেমাজি সদৰ থানাৰ ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়া হিতেশ শৰ্মা উপস্থিত থাকে৷