অসম আৰক্ষীৰ এডিজিপি হীৰেণ চন্দ্ৰ নাথলৈ বিশিষ্ট সেৱাৰ বাবে ৰাষ্ট্ৰপতিৰ পদক…

নিউজ ডেস্ক। অসম আৰক্ষীৰ এডিজিপি হীৰেণ চন্দ্ৰ নাথলৈ বিশিষ্ট সেৱাৰ বাবে ৰাষ্ট্ৰপতিৰ পদক।

আৰক্ষী বাহিনীত আগবঢ়োৱা সেৱাৰ বাবে ৰাষ্ট্ৰপতিৰ আৰক্ষী পদকেৰে বিভূষিত কৰা হ’ব ADGP হীৰেন চন্দ্ৰ নাথক।

হীৰেন নাথৰ লগতে অন্য ১৩গৰাকী আৰক্ষী বিষয়া-জোৱানক প্ৰদান কৰা হব ৰাষ্ট্ৰপতিৰ আৰক্ষী পদকেৰে।

2

এই কথা শেহতীয়াকৈ সদৰি কৰা হৈছে ৰাষ্ট্ৰপতি ভৱনৰ পৰা।

গণতন্ত্ৰ দিৱসৰ প্ৰাকক্ষণত কেন্দ্ৰই ৯৩৯জন আৰক্ষী বিষয়ালৈ আগবঢ়াইছে বিশেষ সন্মান।

সেই অনুসৰি, অসম আৰক্ষীৰ ১৩জন বিষয়ালৈ আগবঢ়োৱা হৈছে এই বিশেষ সন্মান। 

1-2

কমাণ্ডেণ্ট হৰেণ টকবী, পৰিদৰ্শক উমেশ উদ্দিনলৈ আগবঢ়োৱা হৈছে পুলিচ মেডেল।

আনহাতে উপপৰিদৰ্শক, নুৰুল ইছলাম, উপপৰিদৰ্শক অচ্যুৎ দত্তলৈ পুলিচ মেডেল, হাবিলদাৰ সুনীল মিলি, কনিষ্টবল মুজাম্মিল হকলৈ পুলিচ মেডেল, কনিষ্টবল ৰঞ্জুমণি শইকীয়া, কনিষ্টবল বিপুল বৰালৈ পুলিচ মেডেল, কনিষ্টবল হীৰেণ হাজৰিকা, কনিষ্টবল বুলেন গোহাঁইলৈ পুলিচ মেডেল কনিষ্টবল আলোক পাল, কনিষ্টবল জগত তামাঙলৈ পুলিচ মেডেল, পৰিদৰ্শক জয়দ্বীপ শৰ্মালৈও আগবঢ়োৱা হৈছে পুলিচ মেডেল সন্মান। 

লগতে চাওকঃ

আৰক্ষী বিষয়া হোৱাৰ সপোন আছিল কীৰ্তিকমলৰ! কিন্তু এতিয়া সপোন সপোন হৈয়ে ৰৈ যাব…

G1

Leave a Comment