fbpx
অসম

অসম আৰক্ষীৰ অভিযানত জব্দ ৫ কোটি টকা মূল্যৰ ড্ৰাগছ, আটক এজন সৰবৰাহকাৰী…

ড্ৰাগছ তথা নিচাজাতীয় সামগ্ৰীৰ বিৰুদ্ধে অব্যাহত আছে আৰক্ষীৰ অভিযান।

পুনৰ অসম আৰক্ষীৰ অভিযানত জব্দ প্ৰায় ৫ কোটি টকা মূল্যৰ ড্ৰাগছ।

নগাঁও জিলাৰ কলিয়াবৰৰ চতিয়ালত ৫ কোটি টকাৰ ড্ৰাগছ জব্দ কৰিবলৈ সক্ষম হয় আৰক্ষী।

বৃহত পৰিমাণৰ ড্ৰাগছখিনি নাগালেণ্ডৰ ডিমাপুৰৰ লাহৰীজানৰ পৰা নগাঁৱৰ জুৰীয়ালৈ সৰবৰাহ কৰা হৈছিল।

এ এছ ০১ এ ভি নম্বৰৰ এখন চেণ্ট্ৰ’ বাহনত সৰবৰাহকাৰীয়ে ড্ৰাগছখিনি ৭৬ টা চাবোনৰ কেছত লুকুৱাই আনিছিল।

জব্দকৃত ড্ৰাগছখিনি ওজন প্ৰায় ৭৬২ গ্ৰাম হ’ব বুলি জানিব পৰা গৈছে।

লগতে আৰক্ষীয়ে ড্ৰাগছ সৰবৰাহৰ সৈতে জড়িত জুৰীয়াৰ ময়দুল ইছলাম নামৰ এজনক গ্ৰেপ্তাৰ কৰিবলৈ সক্ষম হৈছে।

আৰক্ষীয়ে লগতে সৰবৰাহকাৰীজনৰ পৰা ৫৭ হাজাৰ নগদ ধনো জব্দ কৰিবলৈ সক্ষম হয়।

অধিক তথ্য সংগ্ৰহৰ বাবে বৰ্তমান সৰবৰাহকাৰীজনক সোধা পোচা চলাই থকা বুলিও জানিব পৰা গৈছে।

Related Articles

Leave a Reply

Back to top button

Adblock Detected

Please deactivate AdBlocker to support us!