অসম আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিলে গুজৰাটৰ কংগ্ৰেছ বিধায়ক জিগনেশ মেৱানীক…

নিউজ ডেস্ক। অসম আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিলে গুজৰাটৰ কংগ্ৰেছ বিধায়ক জিগনেশ মেৱানীক।
গুজৰাটৰ ভাদগাম বিধানসভা আসনৰ কংগ্ৰেছ বিধায়ক তথা দলিত নেতা জিগনেশ মেৱানীক অসম আৰক্ষীৰ দলে বুধবাৰে নিশা প্ৰায় ১১:৩০ বজাত পালনপুৰ চাৰ্কিট হাউচৰ পৰা গ্ৰেপ্তাৰ কৰে।
জিগনেশ মেৱানীক আহমেদাবাদৰ পৰা অসমৰ গুৱাহাটীলৈ লৈ অনাৰ সম্ভাৱনা আছে।

তথ্য অনুসৰি, জিগনেশ মেৱানী বুধবাৰে পালানপুৰত আছিল। ভাড়গামৰ বিধায়ক জিগনেশ মেৱানী পালানপুৰৰ চাৰ্কিট হাউচত আছিল।
জিগনেশ মেৱানীক আহমেদাবাদৰ পৰা অসমৰ গুৱাহাটীলৈ লৈ অনাৰ সম্ভাৱনা আছে।

প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ বিৰুদ্ধে আপত্তিজনক টুইট কৰা বুলি অসমৰ কোকৰাঝাৰৰ অৰূপ কুমাৰ দে’ নামৰ এজন লোকে জিগনেশ মেৱানীৰ বিৰুদ্ধে এজাহাৰ দাখিল কৰিছিল।

বিধায়ক মেৱানীক গ্ৰেপ্তাৰ কৰাৰ পিছতে এতিয়া গুজৰাটৰ ৰাজনীতিত খলকনিৰ সৃষ্টি কৰিছে, কিয়নো চলিত বছৰতে ৰাজ্যখনত অনুষ্ঠিত হ’ব বিধানসভা নিৰ্বাচন।
কংগ্ৰেছ বিধায়কজনৰ সমৰ্থকসকলে কয় যে, অসম আৰক্ষীয়ে তেওঁক এতিয়ালৈকে এজাহাৰৰ প্ৰতিলিপি প্ৰদান কৰা নাই, কেৱল এইটো কয় যে জিগনেশ মেৱানীৰ বিৰুদ্ধে অসমত কিছুমান গোচৰ ৰুজু কৰিছে।
কংগ্ৰেছ বিধায়কজনৰ সমৰ্থকসকলৰ মতে, অসম আৰক্ষীয়ে ইয়াত পঞ্জীয়ন কৰা গোচৰটোৰ উদ্ধৃতি দি গ্ৰেপ্তাৰ প্ৰক্ৰিয়া চলাইছে। এই মুহূৰ্তত, তেওঁৰ গ্ৰেপ্তাৰে ৰাজ্যখনৰ ৰাজনীতিত এক আলোড়নৰ সৃষ্টি কৰিছে।
জিগনেশ মেৱানীয়ে তেওঁৰ গ্ৰেপ্তাৰ সন্দৰ্ভত কয়, ‘মোৰ এটা টুইটৰ সন্দৰ্ভত মোক গ্ৰেপ্তাৰ কৰা হৈছে। আৰক্ষীয়ে মোক কোনো সঠিক তথ্য দিয়া নাই। মই কোনো মিছা অভিযোগৰ ভয় নকৰো। মই মোৰ যুঁজ অব্যাহত ৰাখিম।’
লগতে চাওকঃ
RRR, KGF ৰ দৰে ফটুৱা চিনেমা নাচাব, অসমীয়া চিনেমা চাওকঃ জুবিন গাৰ্গ
