
নিউজ ডেস্ক। অসম আৰক্ষীৰ গুপ্তচৰৰ অভিযোগত আলফা স্বাধীনে দুজন যুৱকক মৃত্যুদণ্ড বিহাৰ বাতৰিক লৈ প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই।
আলফালৈ অসম আৰক্ষীয়ে চোৰাংচোৱা প্ৰেৰণৰ দাবীক অস্বীকাৰ কৰি মুখ্যমন্ত্ৰীয়ে কামনা কৰে যে এই বাতৰি মিছা হওক।

তেওঁ কয় যে যদি সঁচাকৈয়ে আলফাই দুজন যুৱকক মৃত্যুদণ্ড বিহিছে, তেন্তে ইয়ে আলফা স্বাধীনত যোগদান কৰিব বিচৰা অসমীয়া যুৱক-যুৱতীসকললৈও এটা বাৰ্তা প্ৰেৰণ কৰিছে যে তেওঁলোকৰ সিদ্ধান্ত ভুল।
ইফালে আলফালৈ চোৰাংচোৱা প্ৰেৰণৰ ক্ষেত্ৰত আৰক্ষী বিষয়া পাৰ্থ সাৰথি মহন্তৰ নাম উল্লেখ হোৱাক লৈ মুখ্যমন্ত্ৰীয়ে কয় যে অসম আৰক্ষীয়ে বৈদেশিক ৰাষ্ট্ৰত ভৰি দিয়াটো সম্ভৱেই নহয়।

পাৰ্থ সাৰথি মহন্তৰ নাম কেৱল একপক্ষীয় ভাবে আলফাইহে উল্লেখ কৰিছে বুলি কৈ মুখ্যমন্ত্ৰীয়ে কয় যে আলফাৰ সৈতে কোনো টিভি চেনেলৰ ডিবেটত বহি ইয়াৰ সত্যাসত্য স্পষ্ট কৰিব পৰা নাই। গতিকে এয়া মানি লব নোৱাৰি।
মুখ্যমন্ত্ৰীয়ে কয় যে অসমীয়া বহু তেজৰ ফাকু খেলিছে। মাতৃৰ বুকু শুদা নোহোৱাকৈ কোনো কামেই হোৱা নাই।
এতিয়া যেতিয়া চৰকাৰে উন্নয়ন, বিকাশৰ চিন্তা কৰিছে, তেন্তে অলফাইও সহযোগিতা কৰি শান্তি আলোচনালৈ আহিবলৈ আহ্বান জনায় মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই।
লগতে চাওকঃ
নিশা ১২ বজাৰ পিছত অনুষ্ঠিত কৰিব নোৱাৰিব বিহুৰ অনুষ্ঠান! বোকা ডান্সক লৈ কি ক’লে মুখ্যমন্ত্ৰীয়ে?
