fbpx
অসমীয়াঅসম

অসম আৰক্ষীত মোক চাকৰি দিয়ক! এইবাৰ ৰাইজে কৰায়ত্ত কৰিলে খাকী পোছাকধাৰী ভুৱা SI ছাৰক, কেমেৰাৰ সন্মুখত ক’লে…

নিউজ ডেস্কঃ আৰক্ষীৰ পোছাক পিন্ধাৰ চখ!

সেয়ে অনলাইনত মহাৰাষ্টৰৰ পৰা ইউনিফৰ্ম অৰ্ডাৰ কৰি আনি নিজকে অসম আৰক্ষীৰ উপ-পৰিদৰ্শক বুলি লেভেল ফালি ফুৰিছিল।

কিন্তু চেহেৰাহে নাছিল আৰক্ষী বুলি বিশ্বাস কৰিব পৰা ধৰণৰ।

সেয়ে ৰাজপথত গাড়ী ৰখাই যেতিয়াই আৰক্ষী, থানাৰ ভাবুকি দিছিল, তেতিয়াই মানুহৰ মনত সন্দেহ উপজিছিল।

যাৰ বাবে ৰাইজৰ হাততে কৰায়ত্ত হ’বলগীয়া হ’ল এজন ভুৱা এছআই।

এই ঘটনা তেজপুৰৰ। মিছন চাৰিআলিত ৰাইজে ভুৱা এছআই জনক আটক কৰি পিছত গতাই দিয়ে আৰক্ষীৰ হাতত।

অভিযুক্ত ভুৱা আৰক্ষী বিষয়াজনৰ নাম হিমাংশু কলিতা বুলি জানিব পৰা গৈছে।

থানা চৌহদত সাংবাদিকে যেতিয়া হিমাংশু কলিতাক আৰক্ষীৰ পোছাক পিন্ধাৰ কাৰণ সুধিলে, তেতিয়া ক’লে- পুলিচৰ ড্ৰেছ পিন্ধিবলৈ মোৰ বহু চখ।

অসম আৰক্ষীত চাকৰি বিচাৰি চৰকাৰলৈ আহ্বানো জনালে অভিযুক্তই।

লগতে ক’লে- তেওঁ হেনো মহাৰাষ্ট্ৰৰ পৰা অনলাইন অৰ্ডাৰ দি আনিছিল ইউনিফৰ্মযোৰ। দাম লৈছিল ২২০০ টকা।

ভুৱা আৰক্ষী বিষয়াজনৰ এনে কৰ্মকাণ্ড আৰু কথাই এতিয়া প্ৰতিক্ৰিয়াৰ সৃষ্টি কৰিছে তেজপুৰত।

Related Articles

Back to top button