অসম আৰক্ষীত ব্যাপক ৰদ-বদল…

অসম আৰক্ষীত ব্যাপক ৰদ-বদল।

অসম আৰক্ষীৰ সাতগৰাকী অতিৰিক্ত আৰক্ষী অধীক্ষক আৰু উপ-আৰক্ষী অধীক্ষক পৰ্যায়ৰ বিষয়াক ৰদ-বদল৷

এই সন্দৰ্ভত সোমবাৰে জাৰি কৰা হয় এখ অধিসূচনা।

অধিসূচনা মৰ্মে, কোকৰাঝাৰৰ সীমান্ত শাখাৰ অতিৰিক্ত আৰক্ষী অধীক্ষক কুলেন্দ্ৰ নাথ ডেকাক বিশ্বনাথৰ অতিৰিক্ত আৰক্ষী অধীক্ষক (মুখ্য কাৰ্যালয়)লৈ বদলি কৰা হয়৷

দৌলাশালৰ ১৪নং আৰক্ষী বেটেলিয়নৰ দ্বিতীয় অধিনায়ক অনিৰ্বাণ শৰ্মাক বজালীৰ অতিৰিক্ত আৰক্ষী অধীক্ষক (মুখ্য কাৰ্যালয়) পদলৈ বদলি কৰা হয়৷

অসম আৰক্ষীৰ চৰ্তুথ বেটেলিয়নৰ সহকাৰী অধিনায়ক দীপাংকৰ দত্ত লহকৰক ধুবুৰীৰ উপ আৰক্ষী অধীক্ষক পদলৈ বদলি কৰা হয়৷

চতুৰ্থ আৰক্ষী বেটেলিয়নৰ সহকাৰী বেটেলিয়ন (বৰ্তমান চিৰাঙত অতিৰিক্তভাৱে কৰ্তব্যৰত)ৰ উপ-আৰক্ষী অধীক্ষক লৱ কুমাৰ ডেকাক চিৰাং জিলাৰ উপ-আৰক্ষী অধীক্ষক (মুখ্য কাৰ্যালয়) পদলৈ বদলি কৰা হয়।

ডেৰগাঁৱৰ একাদশ আৰক্ষী বেটেলিয়ন (বৰ্তমান চি আই ডিত অতিৰিক্তভাৱে কৰ্তব্যৰত) উপ-আৰক্ষী অধীক্ষক মৃদুল বৰুৱাক চি আই ডিৰ উপ আৰক্ষী অধীক্ষকলৈ বদলি কৰা হয়৷

মানজাৰ ২৩নং আই আৰ বেটেলিয়নৰ উপ-আৰক্ষী অধীক্ষক আব্দুল ৰচিদক বৰমণিপুৰৰ ১৬নং আই আৰ বেটেলিয়নৰ উপ-আৰক্ষী অধীক্ষক পদলৈ বদলি কৰা হয়৷

ইয়াৰ লগতে পাণবাৰীৰ ২০তম আই আৰ বেটেলিয়নৰ উপ-আৰক্ষী অধীক্ষক জীয়াউৰ ৰহমানক চি আই ডিৰ উপ-আৰক্ষী অধীক্ষক পদলৈ বদলি কৰা হয়।

Leave a Comment