অসম আন্দোলনৰ নেতা, বিশিষ্ট শিক্ষাবিদ, ৰাজনীতিবিদ শিৱসিংহ কোঁৱৰৰ বিয়োগ…

অসম আন্দোলনৰ নেতা, বিশিষ্ট শিক্ষাবিদ, ৰাজনীতিবিদ শিৱসিংহ কোঁৱৰৰ বিয়োগ।

আজি পুৱা ৯-৩০ বজাত শিৱসাগৰ এ টি ৰোডৰ নিজা বাসগৃহত ৬২ বছৰ বয়সত শেষ নিশ্বাস ত্যাগ কৰে কোঁৱৰে।

ৰাজ্যৰ সমাজ-সাংস্কৃতিক, ক্ৰীড়া আদি বিভিন্ন ক্ষেত্ৰৰ সৈতেও জড়িত হৈ আছিল শিৱসাগৰ কলেজ জয়সাগৰৰ অৱসৰপ্ৰাপ্ত উপাধ্যক্ষ শিৱসিংহ কোঁৱৰ।

গুৱাহাটী বিশ্ববিদ্যালয়ৰ বাণিজ্য শাখাত চাকৰি কৰি কৰ্মজীৱন আৰম্ভ কৰিছিল তেখেতে।

ইয়াৰ কিছুদিনৰ পিছত অৰ্থাৎ ১৯৮৫ চনত শিৱসাগৰ কলেজত অৰ্থনীতি বিজ্ঞান বিভাগত অধ্যাপক হিচাপে স্হায়ী পদত যোগদান কৰে।

সুদীৰ্ঘকাল শিৱসাগৰ কলেজতে শিক্ষকতা কৰা কোৱৰে শিৱসাগৰ কলেজৰ অৰ্থনীতি বিজ্ঞান বিভাগৰ মুৰব্বী অধ্যাপকৰ দায়িত্ব পালন কৰাৰ লগতে এইখন কলেজৰ পৰাই উপাধ্যক্ষ হিচাপে ২০১৮ বৰ্ষত অৱসৰ গ্ৰহণ কৰে।

উল্লেখ যে ছাত্ৰ অৱস্থাৰ পৰাই আছুৰ লগত জড়িত থকা কোৱৰে গুৱাহাটী বিশ্ববিদ্যালয়ত পঢ়ি থকা সময়ত বিশ্ববিদ্যালয়ৰ ছাত্র সন্থা গোট প্ৰতিষ্ঠা ক্ষেত্ৰত অগ্ৰণী ভূমিকা পালন কৰিছিল।

আঞ্চলিকতাবাদ ধাৰাত বিশ্বাস কৰা কোৱৰে অসমীয়া জাতিৰ ৰক্ষাৰ অৰ্থে অসম আন্দোলন আৰু ভাষা আন্দোলনত জঁপিয়াই পৰিছিল।

বহুবাৰ ফাটেক খাব লগীয়া হোৱা কোৱৰে প্ৰফুল্ল কুমাৰ মহন্তৰ নেতৃত্বত প্ৰতিষ্ঠা লাভ কৰা অসম গণ পৰিষদৰ প্ৰতিষ্ঠাৰ এগৰাকী অন্যতম কাণ্ডাৰী আছিল।

ইয়াৰ উপৰিও ১৯৯১চনত শিৱসাগৰ বিধান সভা সমষ্টিৰ পৰা নতুন অসম গণ পৰিষদৰ পৰা প্ৰতিদ্বন্দিতা আগবঢ়াইছিল। পৰৱৰ্তী সময়ত থাওৰা বিধান সভা সমষ্টি পৰাও অসম গণ পৰিষদৰ প্ৰাৰ্থী হিচাপে ২০০১আৰু ২০০৬ চনত প্ৰতিদ্বন্দিতা আগবঢ়াই পৰাজয় বৰণ কৰিছিল।

তেওঁৰ মৃত্যুত সমগ্ৰ অসমৰ লগতে জন্মস্থান শিৱসাগৰতো পৰিছে শোকৰ ছাঁ।

তেখেতৰ মৃত্যুত মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ টুইট যোগে গভীৰ শোক প্ৰকাশ প্ৰকাশ কৰিছে।

Leave a Comment