অসম-অৰুণাচলৰ সীমা বিবাদক লৈ দুই ৰাজ্যৰ প্ৰতিনিধিৰ মাজত গুৰুত্বপূৰ্ণ বৈঠক…

অসম-অৰুণাচলৰ সীমা বিবাদক লৈ দুই ৰাজ্যৰ মন্ত্ৰীৰ গুৰুত্বপূৰ্ণ বৈঠক।
সোমাবাৰে গুৱাহাটীৰ অসম প্রশাসনিক পদাধিকাৰী মহাবিদ্যালয়ত অনুষ্ঠিত হয় বৈঠক।
বৈঠকত উপস্থিত থাকে অসমৰ মন্ত্ৰী পীযুষ হাজৰিকা আৰু অৰুণাচলৰ মন্ত্ৰী মামা নাটুং।
বৈঠকৰ অন্তত মন্ত্ৰী পীযুষ হাজৰিকাই কয় যে, যোৱা ছেপ্টেম্বৰ মাহত অসমৰ বিশ্বনাথ আৰু অৰুণাচল প্ৰদেশৰ পাক্কে কেচাং জিলাৰ সীমান্তৰ চাৰিখন গাঁৱৰ পৰিদৰ্শন ওপৰত ভিত্তি কৰি এখন প্ৰতিবেদন প্ৰস্তুত কৰা হৈছে।
In line with the bilateral treaty signed between HCMs @himantabiswa sir & Shri @PemaKhanduBJP ji to resolve the border related disputes between Assam & Arunachal Pradesh,today I took part in an important meet organised to review the progress of the border resolving process. (1/2) pic.twitter.com/RSy4L8f2hp
— Pijush Hazarika (@Pijush_hazarika) October 10, 2022
লগতে তেওঁ কয়- দুয়োখন ৰাজ্যৰ বুজাবুজিৰ মাজেৰে এই সীমা বিবাদৰ সমাধানৰ সিদ্ধান্তত উপনীত হ’ব চৰকাৰ।
আনহাতে, অসম আৰু অৰুণাচলৰ দুয়োগৰাকী মন্ত্ৰীয়ে নিজ ৰাজ্যৰ মুখ্যমন্ত্ৰীৰ হাতত দাখিল কৰিব প্ৰতিবেদন। তাৰ পাছত সিদ্ধান্ত গ্ৰহণ কৰা হ’ব বুলি সদৰি কৰে মন্ত্ৰীগৰাকীয়ে।