অসমৰ ৰাজনীতিৰ মহীৰূহ প্ৰয়াত প্ৰাক্তন মুখ্যমন্ত্ৰী তৰুণ গগৈৰ দেৱৰ প্ৰথম মৃত্যু বাৰ্ষিকী…

অসমৰ ৰাজনীতিৰ মহীৰূহ প্ৰয়াত প্ৰাক্তন মুখ্যমন্ত্ৰী ‘পদ্মভূষণ’ তৰুণ গগৈৰ দেৱৰ আজি প্ৰথম মৃত্যু বাৰ্ষিকী।

২০২০ বৰ্ষৰ আজিৰ দিনটোতেই মহাপ্ৰয়াণ ঘটিছিল অসমৰ ৰাজনীতিৰ মহিৰূহ গৰাকীৰ।

প্ৰয়াত প্ৰাক্তন মুখ্যমন্ত্ৰীগৰাকীৰ প্ৰথম মৃত্যুবৰ্ষিকী উপলক্ষে ৰাজ্যজুৰি অনুষ্ঠিত কৰা হৈছে শ্ৰদ্ধাঞ্জলি অনুষ্ঠানৰ।

১৫ টা বছৰে অসমৰ ৰাজনীতিৰ গুৰিবঠা ধৰা তৰুণ গগৈৰ অৱদানৰ বাবে তেখেতলৈ কেন্দ্ৰীয় চৰকাৰৰ তৰফৰ পৰা মৰণোত্তৰভাৱে প্ৰদান কৰা হৈছিল চলিত বৰ্ষৰ ভাৰতবৰ্ষৰ তৃতীয় সৰ্বোচ্চ অসামৰিক সন্মান ‘পদ্মভূষণ’ বঁটা।

পত্নী ডলী গগৈয়ে ৰাষ্ট্ৰপতি ৰামনাথ কোবিন্দৰ পৰা গ্ৰহণ কৰিছিল স্বামীৰ সন্মান।

Image

বিগত বৰ্ষৰ ২৩ নবেম্বৰত অসমৰ প্ৰিয় নেতা প্ৰাক্তন মুখ্যমন্ত্ৰী তৰুণ গগৈৰ মহাপ্ৰয়াণৰ পিছতেই শোকস্তব্ধ হৈ পৰিছিল ৰাজ্যবাসী।

প্ৰিয় নেতাগৰাকীক শেষ বাৰৰ বাবে চোৱাৰ হেপাহেৰে বহু লোকে বহু বাট কুৰি বাই আহিছিল গুৱাহাটীলৈ।

২৬ নৱেম্বৰত হে পঞ্চভূতত বিলীন হৈছিল প্ৰাক্তন মুখ্যমন্ত্ৰী তৰুণ গগৈৰ নশ্বৰদেহ।

পুত্ৰ গৌৰৱ গগৈয়ে মুখাগ্নি কৰিছিল পিতৃ তৰুণ গগৈৰ।

অসম প্ৰদেশ কংগ্ৰেছৰ তৰফৰ পৰাও প্ৰয়াত গগৈৰ প্ৰথম মৃত্যু বাৰ্ষিকী উপলক্ষে জনাই গভীৰ শ্ৰদ্ধাঞ্জলি।

লগতে চাওকঃ

পত্নীৰ প্ৰতি থকা প্ৰেমৰ বাবেই শিক্ষকে পত্নীক উপহাৰ দিলে ‘তাজমহল’!

Leave a Comment