অসমৰ ৰাজনীতিত এইবাৰ পাপ্পু-২ৰ আবিৰ্ভাৱ! কোনে, কাক দিলে এই নাম…

নিউজ ডেস্ক। অসম বিজেপিৰ বাবে এতিয়া খুবেই প্ৰাসংগিক হৈ পৰিছে এপিচিচিৰ সভাপতি ভূপেন বৰা। কোনোৱে যদি তেওঁক মিষ্টাৰ ৰাজকুমাৰ, কপিল শৰ্মাৰ লগত ৰিজাইছে, আন কোনোৰ মতে ভূপেন বৰা হেনো ৰাজনীতিৰ জনী লিভাৰ।

এইবাৰ আকৌ ভূপেন বৰাক পাপ্পু নাম্বাৰ টু বুলি অভিহিত কৰিলে মুখ্যমন্ত্ৰীৰ ৰাজনৈতিক সচিব জয়ন্ত মল্ল বৰুৱাই।

তেওঁৰ মতে ভাৰতৰ ৰাজনীতিত যিদৰে ৰাহুল গান্ধী পাপ্পু হিচাপে পৰিচিত, কেইদিন মান পিছত অসমৰ ৰাজনীতিত সেইদৰেই ভূপেন বৰা পাপ্পু-২ হিচাপে পৰিচিত হ’ব।

পাপ্পু বা পাপ্পু-২ দুয়োজনেই ৰাজনীতিত ফেইল মাৰিছে বুলি মন্তব্য কৰি ভূপেন বৰাক কটাক্ষ কৰে জয়ন্ত মল্ল বৰুৱাই। তেওঁ কয় যে ভূপেন বৰাই নিজেই তিনিবাৰকৈ নিৰ্বাচনত ফেইল মাৰিছে।

জয়ন্ত মল্লই কয়, “এতিয়া নিৰ্বাচনৰ বতৰ। বেলেগ ৰাজনৈতিক নেতাসকল ব্যস্ত আছে নিৰ্বাচনক লৈ। কিন্তু তেওঁ ব্যস্ত আছে কবিতা, গানক লৈ। গতিকে তেওঁ পাপ্পু নাম্বাৰ টু।”

ভাৰতৰ ৰাজনীতিত পাপ্পু-১ বা পাপ্পু-২ দুয়োজনেই ফেইল মাৰিছে আৰু ফেইল মাৰি গৈ থাকিব বুলি ভূপেন বৰা আৰু ৰাহুল গান্ধীক কটাক্ষ কৰে বহুবল্কী বিজেপি নেতাজনে।

Leave a Comment