অসমৰ ৰাজনীতিত আন এজন ‘কবি’ৰ আবিৰ্ভাৱ, মুখ্যমন্ত্ৰীক ভোটাতৰা সজাই কোনে লিখিলে কবিতা…

ৰাজ্যৰ ৰাজনীতিত এতিয়া উজান উঠিছে ‘কবি’ৰ। এফালে যদি এপিচিচিৰ সভাপতি ভূপেন বৰাৰ কবিতা ৰচি কবি হোৱাৰ মন, আনফালে আকৌ বেলেগৰ কবিতা পাঠ কৰি হলেও কবিতাৰ যুঁজত প্ৰৱেশ ঘটিছে মন্ত্ৰী পিযুষ হাজৰিকাৰ। তাৰ মাজতে আকৌ ‘কবিতা সমালোচক’ৰ ভূমিকাত অৱতীৰ্ণ হৈ আত্মপ্রকাশ ঘটিল মুখ্যমন্ত্ৰীৰ ৰাজনৈতিক সচিব জয়ন্ত মল্ল বৰুৱাৰ।

অসমৰ ৰাজনীতিত এইবাৰ পুনৰ এজন তথাকথিত কবিৰ আবিৰ্ভাৱ ঘটিছে। তেওঁ হৈছে কংগ্ৰেছৰ প্ৰাক্তন মন্ত্ৰী মহিবুল হক।

জন্মদিনৰ দিনা মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ প্ৰশংসাত গদ গদ হৈ কংগ্ৰেছ নেতাগৰাকীয়ে লিখি উলিয়ালে এটা কবিতা। আনকি এই কবিতাটো মুখ্যমন্ত্ৰীক জন্মদিনৰ উপহাৰ হিচাপেও প্ৰদান কৰিলে মহিবুল হকে।

হিমন্ত বিশ্ব শৰ্মাক ভৱিষ্যতৰ প্ৰধানমন্ত্ৰী আখ্যা দি ৰচনা কৰা এই বিশেষ কবিতাটোৰ শিৰোনাম- ‘কৰ্মতে বিশ্ব শৰ্মা তুমি’। কবিতাৰ জৰিয়তে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাক ৫৩ বছৰৰ ভোটাতৰা বুলিও অভিহিত কৰিছে মহিবুল হকে।

সংবাদ মাধ্যমৰ সন্মুখত কংগ্ৰেছ নেতাজনে স্বৰচিত কবিতাটো পাঠ কৰাৰ পূৰ্বে হিমন্ত বিশ্ব শৰ্মাৰ প্ৰশংসাত কয় যে প্ৰাক্তন মুখ্যমন্ত্ৰী হিতেশ্বৰ শইকীয়াই তেওঁ মুখ্যমন্ত্ৰী হৈ থকা কালত কেইবাবাৰো হিমন্ত বিশ্ব শৰ্মাক মাতি নি আলোচনা কৰিছিল। তেতিয়া হিমন্ত বিশ্ব শৰ্মা মাথোঁ এজন ছাত্ৰ আছিল।

মহিবুল হকে কয় যে তেতিয়াই তেওঁ অনুভৱ কৰিছিল যে হিমন্ত বিশ্ব শৰ্মা এদিন ৰাজনীতিত বহু আগুৱাই যাব। আজি সেয়াই হৈছে।

ইফালে মহিবুল হকে লিখা কবিতাটো এনে ধৰণৰ-

“কৰ্মতে বিশ্ব শৰ্মা তুমি”

কম বয়সৰ মুখ্যমন্ত্ৰী তুমি
৫৩ বছৰৰ ভোটাতৰা তুমি
কম বয়সতে হবা যে তুমি
ভাৰতবৰ্ষৰ প্ৰধানমন্ত্ৰী।

ভাৰত ৰাষ্ট্ৰৰ ৰত্ন তুমি
অসম মাতৃৰ গৌৰৱ তুমি
ওপজা দিনৰ আশা তুমি
নিৰীহ জনতাৰ ভৰসা তুমি।

জগত জিলিকা হৈ তুমি
কৰ্মতে বিশ্ব শৰ্মা তুমি
কৰ্মতে বিশ্ব শৰ্মা তুমি।

ইপিনে ধুবুৰীৰ পৰা গুৱাহাটী অভিমুখে আহি থকাৰ সময়তে তেওঁ এই কবিতাটো লিখি সম্পূৰ্ণ কৰা বুলিও মন্তব্য কৰে মহিবুল হকে।

অসমৰ ৰাজনীতিত প্ৰতিদিনে আবিৰ্ভাৱ ঘটা এনে কবি আৰু কবিতাৰে স্বাভাৱিকতে এতিয়া ৰাজনীতি কেৱল এক ধেমেলীয়া বিষয় হৈ পৰা বুলিও কব খোজে বহুতে।

Leave a Comment