অসমৰ ৪੦ সাংগঠনিক জিলা, ৮ মৰ্চাৰ নেতৃত্বক বিলাসী বাহন উপহাৰ দিব ৰাজ্যিক বিজেপিয়ে…

নিউজ ডেস্কঃ জনতাৰ মূৰত মূল্যবৃদ্ধিৰ মাধমাৰ শোধাই বিলাসী আয়োজন চলিছে শাসকীয় বিজেপিৰ!

এইবাৰ ৰাজ্যৰ প্ৰতিখন সাংগঠনিক জিলা আৰু মৰ্চালৈ বিলাসী বাহন উপহাৰৰ যো-জা চলাইছে ৰাজ্যিক বিজেপিয়ে।

ইতিমধ্যে বশিষ্ঠত নিৰ্মাণ কৰা বিজেপিৰ নতুন ভৱন চৌহদলৈ অনা হৈছে ৪৮ খন নতুন বিলাসী বাহন।

জানিব পৰা মতে, বিজেপিৰ ৪০ খন সাংগঠনিক জিলাক প্ৰদানৰ বাবে ৪০ খন বলেৰ’ আৰু ৮টা মৰ্চাৰ বাবে ৮ খন স্কৰপিঅ’ বাহন অনা হৈছে।

৮ অক্টোবৰত নৱনিৰ্মিত বিজেপি ভৱন উদ্বোধনৰ দিনাই সাংগঠনিক জিলা আৰু মৰ্চা সমূহক প্ৰদান কৰা হ’ব এই বিলাসী বাহনসমূহ।

সাংগঠনিক কাম-কাজ ক্ষীপ্ৰতাৰে কৰাৰ অৰ্থে এই বিলাসী বাহন কৰ্মকৰ্তাক উপহাৰ বিজেপিৰ।

উল্লেখ্য যে, ৮ অক্টোবৰত বশিষ্ঠত নিৰ্মাণ কৰা বিজেপিৰ নতুন ভৱনটো উদ্বোধন কৰিব কেন্দ্ৰীয় মন্ত্ৰী অমিত শ্বাহ আৰু বিজেপিৰ ৰাষ্ট্ৰীয় অধ্যক্ষ জেপি নাড্ডাই।

ইফালে অসমৰ লগতে সমগ্ৰ দেশত পেট্ৰ’ল-ডিজেলৰ লগতে অত্যাৱশ্যকীয় সামগ্ৰীৰ মূল্যবৃদ্ধি সময়ত বিজেপিৰ এনে বিলাসী বিশাল আয়োজনে প্ৰশ্নৰ সৃষ্টি কৰিছে সাধাৰণ জনতাৰ মনত।