অসমৰ ২৩ জিলাৰ পৰা সম্পূৰ্ণৰূপে প্ৰত্যাহাৰ সামৰিক বাহিনীৰ বিশেষ ক্ষমতা আইন(AFSPA)…

অসমৰ কেইবাখনো জিলাৰ পৰা আঁতৰিল সামৰিক বাহিনীৰ বিশেষ ক্ষমতা আইন (AFSPA)।
অসমৰ ২৩ জিলাৰ পৰা সম্পূৰ্ণৰূপে প্ৰত্যাহাৰ সামৰিক বাহিনীৰ বিশেষ ক্ষমতা আইন।
আনহাতে ৯ জিলাত আৰু এটা মহকুমাত বাহাল থাকিব এই সামৰিক বাহিনীৰ বিশেষ ক্ষমতা আইন।

সেই জিলা কেইখন হৈছে- যোৰহাট, গোলাঘাট, শিৱসাগৰ, চৰাইদেও, তিনিচুকিয়া ডিব্ৰুগড়, পশ্চিম কাৰ্বি আংলং, পূৱ কাৰ্বি আংলং, ডিমা হাছাও জিলা।
আনহাতে লক্ষিপুৰ মহকুমাত বাহাল থাকিব সামৰিক বাহিনীৰ বিশেষ ক্ষমতা আইন।
ইপিনে বাক্সা, ওদালগুৰি, কৰিমগঞ্জ, হাইলাকান্দি, কোকৰাঝাৰ, চিৰাং, ধেমাজি, লক্ষীমপুৰ, মাজুলী, বিশ্বনাথ, শোণিতপুৰ, নগাওঁ, হোজাই, মৰিগাওঁ, দৰং, নলবাৰী, বঙাইগাওঁ, ধুবুৰী, দ:শালমাৰা, গোৱালপাৰা, বৰপেটা, কামৰূপ, কামৰূপ মেট্ৰ পৰা সম্পূৰ্ণ ৰূপে প্ৰত্যাহাৰ AFSPA আইন।
কাৰ্বি আংলং আৰু উজনী অসমৰ কেইখন মান জিলাত উগ্ৰপন্থীৰ সমস্যা এতিয়া সমাধান হোৱা নাই বাবেই এই আইন বাহাল ৰখা হৈছে।
LIVE from a Press Conference at Janata Bhawan, Guwahati. https://t.co/Hk4QgPCUSE
— Himanta Biswa Sarma (@himantabiswa) March 31, 2022
প্ৰধানমন্ত্ৰীক কৃতজ্ঞতা জ্ঞাপন কৰি সংবাদমেলযোগে এই কথা সদৰি কৰে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই
উল্লেখ্য যে, ১৯৯০ চনৰ পৰা এই আইন বলবৎ হৈ আছিল।
বৃহস্পতিবাৰে কেন্দ্ৰীয় গৃহ মন্ত্ৰী অমিত শ্বাহে টুইট যোগে সদৰি কৰে যে, অসম, নাগালেণ্ড আৰু মণিপুৰত সেনা বাহিনীৰ বিশেষ ক্ষমতা আইনৰ অধীনত থকা অশান্ত জৰ্জৰ অঞ্চলৰ পৰিসৰ হ্ৰাস কৰাৰ বাবে কেন্দ্ৰ চৰকাৰে সিদ্ধান্ত গ্ৰহণ কৰিছে।
সেই সিদ্ধান্তৰ পাছতে অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই এক সংবাদমেল যোগে এই সন্দৰ্ভত সবিশেষ তথ্য দাঙি ধৰে।