
নিউজ ডেস্কঃ বিদ্যালয়ৰ ছাত্ৰ-ছাত্ৰীসকলক পুষ্টিকৰ মধ্যাহ্ন ভোজন প্ৰদানৰ অৰ্থে অসমৰ ১০ টা স্থানত স্থাপন কৰা হ’ব অক্ষয় পাত্ৰ কিটচেন। যোৰহাটত এই ঘোষণা কৰে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই।
শিশুক পুষ্টিকৰ আহাৰ প্ৰদান কৰি অহা দেশৰ অন্যতম স্বেচ্ছাসেৱী সংগঠন অক্ষয় পাত্ৰৰ এই প্ৰতিটো পাকঘৰৰ জৰিয়তে সৰ্বাধিক ৩০ হাজাৰ ছাত্ৰ-ছাত্ৰীক দৈনিক পুষ্টিকৰ আহাৰ প্ৰদান কৰা হ’ব বুলি জানিবলৈ দিয়ে মুখ্যমন্ত্ৰীয়ে।
যোৰহাটত কৃতজ্ঞতা পেঞ্চন সেৱা কেন্দ্ৰ উদ্বোধন কৰি মুখ্যমন্ত্ৰীয়ে কয় যে যোৰহাটত ইতিমধ্যে অক্ষয় পাত্ৰ কিটচেন নিৰ্মাণ কৰা হৈছে। সমান্তৰালভাৱে মাজুলী, নলবাৰী, তেজপুৰকে ধৰি ১০ খন জিলাত অতি সোনকালে অক্ষয় পাত্ৰ কিটচেন নিৰ্মাণ কৰা হ’ব বুলি মন্তব্য কৰে মুখ্যমন্ত্ৰীয়ে।
মাজুলীত এই কিটচেন নিৰ্মাণৰ বাবে ৰাজ্য চৰকাৰৰ তৰফৰ পৰা ১৪ কোটি টকা মুকলি কৰা হব বুলিও জনায় মুখ্যমন্ত্ৰীয়ে। আনহাতে যোৰহাটত নিৰ্মাণ কৰা অক্ষয় পাত্ৰ কিটচেনটোৰ জৰিয়তে বৰ্তমান ১২ হাজাৰ ছাত্ৰ-ছাত্ৰীক দৈনিক পুষ্টিকৰ আহাৰ প্ৰদান কৰি থকা হৈছে বুলি তেওঁ কয়।
ইফালে মধ্যাহ্ন ভোজনৰ বাবে নিযুক্ত হৈ থকা ৰান্ধনী সকলক পৰৱৰ্তী সময়ত অক্ষয় পাত্ৰ কিটচেনৰ কামত জড়িত কৰোৱা হব বুলি মন্তব্য কৰে হিমন্ত বিশ্ব শৰ্মাই।
প্ৰণিধানযোগ্য যে, গুৱাহাটীত ইতিমধ্যে এটা অক্ষয় পাত্ৰ কিটচেন নিৰ্মাণ কৰা হৈছে। যাৰ জৰিয়তে দৈনিক ৩০ হাজাৰ ছাত্ৰ-ছাত্ৰীক মধ্যাহ্ন ভোজন প্ৰদান কৰি অহা হৈছে।
শিশুৰ বিকাশৰ বাবে অহৰহ কাম কৰি অহা দেশৰ অন্যতম স্বেচ্ছাসেৱী সংগঠন অক্ষয় পাত্ৰ ফাউণ্ডেশ্যনৰ অধীনত দেশৰ ১৬ খন ৰাজ্য কেন্দ্ৰীয় শাসিত অঞ্চলত বৰ্তমানলৈকে নিৰ্মাণ কৰা হৈছে ৬৩টা পাকঘৰ।