অসমৰ শিক্ষা খণ্ডত বিশেষ সংযোজন, পাঠ্যক্ৰমত সংযোজিত হ’ব ৪টা নতুন ভাষা…

অসমৰ শিক্ষা খণ্ডত হ’ব এক বিশেষ সংযোজন।

এতিয়াৰে পৰা অসমৰ বিদ্যালয়ত মাতৃভাষাৰূপে অন্তৰ্ভুক্ত ৪টা নতুন ভাষা।

মাতৃভাষাৰূপে অন্তৰ্ভূক্ত হ’ব তিৱা, দেউৰী, মিচিং আৰু ৰাভা ভাষা।

প্ৰথম শ্ৰেণীৰ পৰা পঞ্চম শ্ৰেণীৰ ছাত্ৰ-ছাত্ৰী বোৰৰ পাঠ্যক্ৰমত এই চাৰিটা জনজাতীয় ভাষা যোগ হব।

ৰাজ্যৰ শিক্ষা মন্ত্ৰী ৰণোজ পেগুৱে কয় যে, জনজাতীয় লোক সকলৰ দাবী পূৰণৰ হকেই এই চাৰিটা ভাষা পাঠ্যক্ৰমত সংযোজন কৰা হ’ব।

শিক্ষামন্ত্ৰীগৰাকীয়ে কয়- ‘আমি প্ৰথম শ্ৰেণীৰ পৰা পঞ্চম শ্ৰেণীলৈ শিক্ষাৰ মাধ্যম হিচাপে তিৱা, দেউৰী, মিচিং আৰু ৰাভা ভাষা  সংযোজন কৰাৰ বাবে সিদ্ধান্ত লৈছো।

মন্ত্ৰী ৰণোজ পেগুৱে ইয়াকো কয় যে, এই নতুন পাঠ্যক্ৰম এনেদৰে সজোৱা হব যাতে ছাত্ৰ-ছাত্ৰীয়ে একে সময়তে এটা জনজাতীয় ভাষা শিকাৰ লগতে একে সমানে অসমীয়া আৰু ইংৰাজী ভাষাৰো জ্ঞান আহৰণ কৰিব পাৰে।

প্ৰথমে শিক্ষক সকলক এই ভাষা চাৰিটাৰ ওপৰত জ্ঞান তথা পৰিচয় দিয়া হব। তাৰ পাছতে ছাত্ৰ-ছাত্ৰীৰ মাজত আৰম্ভ হব শিক্ষা দানৰ কাম। সেয়ে ২০২৩ বৰ্ষৰ পৰাও এই ভাষা পাঠ্যক্ৰমত আৰম্ভ হব পাৰে বুলি সদৰি কৰে শিক্ষামন্ত্ৰী ৰণোজ পেগুৱে।

Leave a Comment