অসমৰ শিক্ষাগুৰুলৈ ৰাষ্ট্ৰীয় শিক্ষক বঁটা, মীনাক্ষী গোস্বামীলৈ ৰাষ্ট্ৰীয় শিক্ষক বঁটা ২০২২…

ৰাজ্যবাসীৰ বাবে এক ভাল খবৰ!

অসমৰ শিক্ষাগুৰুলৈ ৰাষ্ট্ৰীয় শিক্ষক বঁটা ২০২২।

শোণিতপুৰৰ চন্দ্ৰ নাথ শৰ্মা উচ্চতৰ মাধ্য়মিক বিদ্যালয়ৰ অধ্যক্ষ মীনাক্ষী গোস্বামীলৈ ৰাষ্ট্ৰীয় শিক্ষক বঁটা প্ৰদানৰ বাবে নিৰ্বাচিত কৰিছে।

উল্লেখ্য যে, কেন্দ্ৰ চৰকাৰে দেশৰ মুঠ ৪৬ গৰাকী শিক্ষকক এই বঁটাৰ বাবে নিৰ্বাচিত কৰিছে।

image 186
অসমৰ শিক্ষাগুৰুলৈ ৰাষ্ট্ৰীয় শিক্ষক বঁটা, মীনাক্ষী গোস্বামীলৈ ৰাষ্ট্ৰীয় শিক্ষক বঁটা ২০২২... 2

অসমৰ পৰা একমাত্ৰ বঁটা প্ৰাপ্ত শিক্ষক হিচাপে নিৰ্বাচিত কৰা হৈছে মীনাক্ষী গোস্বামীক।

ভাৰতৰ ৰাষ্ট্ৰপতি দ্ৰৌপদী মুৰ্মুৱে অহা ৫ ছেপ্টেম্বৰ শিক্ষক দিৱস উপলক্ষে নতুন দিল্লীৰ বিজ্ঞান ভৱনত অনুষ্ঠিত হ’বলগীয়া এক অনুষ্ঠানত এই বঁটা প্ৰদান কৰিব।

এই বঁটাত প্ৰমাণপত্ৰৰ লগতে নগদ ৫০,০০০/- টকাৰ মাননি আৰু ৰূপৰ পদক প্ৰদান কৰা হয়।

উল্লেখ্য যে, শিক্ষা মন্ত্ৰালয়ৰ বিদ্যালয় শিক্ষা আৰু সাক্ষৰতা বিভাগে প্ৰতি বছৰে দেশৰ শ্ৰেষ্ঠ শিক্ষকসকলক এইদৰে বঁটা প্ৰদান কৰি আহিছে।