অসমৰ যুৱকক অকথ্য নিৰ্যাতন নগা দুৰ্বৃত্তৰ, জীৱন্তে পুতি থোৱাৰ চেষ্টা…

অসমৰ যুৱকক অকথ্য নিৰ্যাতন নগা দুৰ্বৃত্তৰ।

নগাৰ প্ৰহাৰত গুৰুত্বৰভাৱে আঘাতপ্ৰাপ্ত সোণাৰিৰ দুই যুৱক।

চৰাইদেউ জিলাৰ অসম নাগালেণ্ড সীমান্তৱৰ্তী কানুবাৰী বালিজান গ্ৰাণ্টত তীব্ৰ উত্তেজনা৷

দিন দুপৰতে অসমৰ সোণাৰিৰ কানুবাৰী বালিজান গ্ৰাণ্টৰ দুজন যুৱকক সন্দেহজনক NSCNৰ দুৰ্বৃত্তই অপহৰণ কৰি চলালে অকথ্য নিৰ্যাতন৷

গুলীয়াই হত্যা কৰাৰ ভাবুকি প্ৰদান কৰাৰ উপৰিও অসমৰ দুজন যুৱকক গুৰুলা-গুৰুলকৈ প্ৰহাৰ কৰে দুৰ্বত্তই।

আনকি দুই যুৱকক জীৱন্তে মাটিত গাঁত খান্দি তাত পুতি থবলৈও চেষ্টা কৰে সন্দেহজনক নগা NSCNৰ দুৰ্বত্তৰ দলটোৱে।

অৱশেষত আছাম ৰাইফলছে এই ঘটনাৰ সম্ভেদ লাভ কৰি তৎপৰতাৰে অভিযান চলোৱা খবৰ পোৱাৰ লগে লগে দুৰ্বৃত্তৰ দলটোৱে যুৱক দুজনক এৰি পলায়ন কৰে৷

নিৰ্যাতনৰ সন্মুখীন হোৱা অসমৰ সোণাৰিৰ কানুবাৰী বালিজান গ্ৰাণ্টৰ যুৱক দুজনৰ নাম ক্ৰমে প্ৰাঞ্জল বাচা আৰু নৱজিৎ লাহন বুলি জানিব পৰা গৈছে৷

দুই যুৱকে শৰীৰৰ বিভিন্ন অংগত আঘাত পাইছে।

Leave a Comment