
নিউজ ডেস্কঃ ৰাজ্যৰ মেপত নাইকীয়া হ’ব ৪ খন জিলা।
বছৰৰ অন্তিমটো দিনত এই ঘোষণা মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শর্মাৰ।
বিভিন্ন কাৰণত ৰাজ্যৰ ৪ খন জিলা সামসিকভাৱে বিলুপ্তিকৰণৰ সিদ্ধান্ত অসম চৰকাৰৰ।
দিল্লীত অনুষ্ঠিত হোৱা কেবিনেট বৈঠকৰ পিছতে এই কথা জনালে মুখ্যমন্ত্ৰী শৰ্মাই।
ৰাজ্য চৰকাৰে জিলা ঘোষণা কৰা ৪ খন জিলাক পুনৰ পূৰ্বৰ জিলাৰ সৈতে কৰা হ’ব সংলগ্ন।
বিশ্বনাথ জিলাক পুনৰ সংলগ্ন কৰা হ’ব শোণিতপুৰ জিলাৰ সৈতে।
সেইদৰে হোজাই জিলাক সংলগ্ন কৰা হ’ব নগাঁও জিলাৰ সৈতে।
চৰকাৰে ঘোষণা কৰা বজালী জিলাক পুনৰ বৰপেটাৰ সৈতে সংলগ্ন কৰাৰ সিদ্ধান্ত।
একেদৰে তামুলপুৰ জিলাকো পুনৰ বাক্সা জিলাৰ সৈতে কৰা হৈছে সংলগ্ন।
বিভিন্ন কাৰণত এই কঠিন সিদ্ধান্ত ল’বলগীয়া হোৱা বুলি মন্তব্য মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ।
তাৰ বাবে তেওঁ জনতাৰ ওচৰত ক্ষমাও খোজে।
অৱশ্যে এই আটাই কেইখন জিলাত ইতিমধ্যে স্থাপন কৰা চৰকাৰী কাৰ্যালয়সমূহ পূৰ্বৰ দৰেই চলি থাকিব বুলি মন্তব্য মুখ্যমন্ত্ৰীৰ।
সমষ্টিৰ পুনৰ নিৰ্ধাৰণৰ পূৰ্বে এই বৃহত সিদ্ধান্ত অসম চৰকাৰৰ।