Mon. Nov 23rd, 2020

নিউজ ডেস্ক। বিভিন্ন ক্ষেত্ৰত সজাগতা সৃষ্টিৰ বাবে দেশৰ বিভিন্ন ৰাজ্যত প্ৰশাসনে কিছুমান ব্যতিক্ৰমী পদক্ষেপ গ্ৰহণ কৰে।

কেতিয়াবা ছাত্ৰ-ছাত্ৰীক এদিন নাইবা কেইটামান ঘন্টাৰ বাবে থানাৰ ভাৰপ্ৰাপ্ত বিষয়া, নাইবা জিলা উপায়ুক্ত হিচাপে কাম পৰিচালনাৰ প্ৰতীকী ৰূপত দায়িত্ব প্ৰদান কৰা হয়।

এইবাৰ অসমতাে এনে এক পৰম্পৰা আৰম্ভ কৰিছে অসমৰ মুখ্যমন্ত্ৰীয়ে।

অৱশ্যে প্ৰত্যক্ষভাৱে প্ৰশাসনিক দায়িত্বৰ প্ৰদানৰ সলনি এইবাৰ এগৰাকী ছাত্ৰীক মুখ্যমন্ত্ৰীৰ টুইটাৰ একাউন্ট পৰিচালনা কৰাৰ সুবিধা প্ৰদান কৰা হয়।

মাত্ৰ দুঘণ্টাৰ বাবে এগৰাকী ১৮ বছৰীয়া ছাত্ৰীয়ে নিয়ন্ত্ৰণ কৰে ৰাজ্যৰ মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালৰ টুইটাৰ একাউণ্ট।

বিশ্ব শিশু দিৱসৰ লগত সংগতি ৰাখি মুখ্যমন্ত্ৰীৰ কাৰ্যালয়ে শুকুৰবাৰে মুখ্যমন্ত্ৰীৰ ব্যক্তিগত টুইটাৰ একাউণ্ট চলোৱাৰ দায়িত্ব প্ৰদান কৰা হয় ডিব্ৰুগড়ৰ নামৰূপ চাহ বাগিচাৰ ছাত্ৰী বন্দনা ওৰাঙক।

বিশ্ব শিশু দিৱসৰ উপলক্ষে শিশুৰ উৎকৰ্ষ সাধন আৰু দক্ষতা বিকাসৰ উদ্দেশ্যে শুকুৰবাৰে পুৱা ৯ বজাৰ পৰা দিনৰ ১১ বজালৈকে ৰাজ্যৰ মুখ্যমন্ত্ৰীৰ টুইটাৰ একাউণ্ট অৰ্পণ কৰা হয় বন্দনাৰ হাতত।

মুখ্যমন্ত্ৰীৰ টুইটাৰ একাউণ্টত বন্দনা ওৰাঙে চাহ বাগিচা অঞ্চলৰ শিশুসকলে আধাতে শৈক্ষিক জীৱন সামৰিবলগীয়া কাৰণসমূহৰ সন্দৰ্ভত ব্যাখ্যা আগবঢ়ায়।

নামৰূপ মহাবিদ্যালয়ৰ ৰাজনীতি বিজ্ঞান বিভাগৰ স্নাতক প্ৰথম ষাণ্মাসিকৰ ছাত্ৰী বন্দনাই মুখ্যমন্ত্ৰীৰ টুইটাৰৰ জৰিয়তে কয় যে চাহ বাগিচাত অঞ্চলৰ বহু ল’ৰা-ছোৱালীয়ে আৰ্থিক অভাৱ, বাল্যবিবাহ, মাদক দ্ৰব্য বা শিক্ষানুষ্ঠানত শৈক্ষিক পৰিৱেশৰ অভাৱতে আধাতে শিক্ষা জীৱন সামৰিবলগীয়া হয়।

ল’ৰা-ছোৱালীক শিক্ষাৰ ক্ষেত্ৰত আকৰ্ষণ বৃদ্ধি কৰিবলৈ হ’লে শিক্ষানুষ্ঠানসমূহত শৈক্ষিক পৰিৱেশ গঢ় দিব লাগিব।

পাঠ্যপুথিত ন ন বিষয় অন্তৰ্ভুক্ত কৰি শিক্ষাৰ্থীৰ অধ্যয়নত ধাউতি যোগাব লাগিব।

তদুপৰি গ্ৰাম্যঞ্চল বা বাগিচা অঞ্চলসমূহত মাদক দ্ৰব্যৰ বিৰুদ্ধে সজাগতা সৃষ্টি কৰাৰ সন্দৰ্ভতো মন্তব্য কৰে বন্দনাই।

আনহাতে, মাদক দ্ৰব্যৰ অবাধ প্ৰচলন ৰােধ কৰাৰ প্ৰয়ােজনীয়তা সন্দৰ্ভতাে মতামত আগবঢ়ায় ছাত্ৰীগৰাকীয়ে।