অসমৰ মুখ্যমন্ত্ৰীলৈ বাংলাদেশৰ বিখ্যাত আম উপহাৰ দিলে শ্বেখ হাছিনাই

এইয়া আমৰ বতৰ!

আমৰ বতৰতে অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মালৈ বিশেষ উপহাৰ বাংলাদেশৰ প্ৰধানমন্ত্ৰী শ্বেখ হাছিনাৰ।

অসমৰ মুখ্যমন্ত্ৰীলৈ শ্বেখ হাছিনাৰ উপহাৰ হিচাপে পঠালে আম।

মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মালৈ বাংলাদেশৰ বিখ্যাত আম্ৰপালি আম উপহাৰ হিচাপে পঠালে শ্বেখ হাছিনাই।

২ কুইণ্টল উৎকৃষ্ট আম উপহাৰ দিলে বাংলাদেশৰ প্ৰধানমন্ত্ৰীয়ে

বাংলাদেশৰ সহকাৰী উচ্চায়ুক্তৰ পৰা আম গ্ৰহণ কৰিলে মুখ্যমন্ত্ৰীৰ সচিব সমীৰ সিনহাই।

এনেধৰণৰ আদান প্ৰদানে দুয়োদেশৰ সম্পৰ্ক মজবুত কৰিব বুলি মন্তব্য সহকাৰী উচ্চায়ুক্তৰ।