অসমৰ মুখ্যমন্ত্ৰীলৈ এই বিশেষ আহ্বান অৰণ্য মানৱ যাদৱ পায়েঙৰ

May 25, 2021 0 By NEWS DESK

নিউজ ডেস্ক। শেহতীয়াকৈ ৰাজ্যত সংঘটিত কেতবােৰ প্ৰাকৃতিক ঘটনাই উদ্বিগ্ন কৰি তুলিছে বিশ্ব বৰেণ্য প্ৰকৃতিপ্ৰেমী তথা অৰণ্য মানৱ যাদৱ পায়েঙক।

সঘনাই অহা ভূমিকম্পকে আদি কৰি বজ্ৰপাতৰ ফলত ১৮ টাকৈ বনৰীয়া হাতীৰ মৃত্যুৰ ঘটনাই এক অশুভ ইংগিত বহন কৰিছে।

শেহতীয়াকৈ বিশ্বজুৰি ক’ভিড-১৯ মহামাৰীয়ে সৃষ্টি কৰা আতংকৰ সৃষ্টি কৰিছে। ক’ভিডক লৈ তেওঁ মুঠেই চিন্তিত নহয় যদিও তেওঁৰ মজতে প্ৰকৃতিয়ে ইয়াৰ জৰিয়তে মানুহক প্ৰকৃতিৰ প্ৰতি অকণমান দায়বব্ধ হ’বলৈ যেন পুনৰ এক বাৰ্তা দিছে।

পায়েঙৰ মতে বন ধ্বংস কৰা মানুহে প্ৰকৃতিক যে সুৰক্ষা দিব লাগে সেয়া পাহৰি গ’ল। যাৰ বাবেই শেহতীয়া বিপৰ্যয়বােৰে মানুহক পুনৰায় সেই দায়িত্বৰ কথা সােঁৱৰাই দিব বিচাৰিছে।

ইপিনে, অসমৰ নৱ নিৰ্বাচিত মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাক অভিনন্দন জনাই এক বিশেষ আহ্বান জনাইছে পায়েঙে।

তেওঁ অসমত এখন পৰিৱেশ বিশ্ববিদ্যালয় স্থাপনৰ বাবে আহ্বান জনাইছে। তেতিয়াহে নতুন প্ৰজন্ম পৰিৱেশৰ প্ৰতি অধিক সজাগ-সচেতন হ’ব, অসমখন অধিক সুন্দৰ হ’ব বুলি দৃঢ় বিশ্বাস পায়েঙৰ।

তেওঁ কয় যে অসম ঔষধি গছৰ ভাণ্ডাৰ। এই ভঁৰালক অধিক বিকশিত কৰাৰ ব্যৱস্থা মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই লওক।

লগতে চাওকঃ

চিপকো আন্দোলনৰ প্ৰতিষ্ঠাতা সুন্দৰলাল বহুগুনাৰ ক’ভিডত মৃত্যু