Tue. Nov 24th, 2020

নিউজ ডেস্ক। চােৰাং সােণ সৰবৰাহৰ কেন্দ্ৰস্থলৰ ৰূপত যেন পৰিণত হৈছে অসম।

বিশেষকৈ প্ৰতিবেশী দেশ ম্যানমাৰৰ পৰা বিভিন্ন পথেৰে অসমলৈ প্ৰৱেশ কৰিছে চােৰাং সােণ।

অসমৰ মাজেৰেই চাৰিচকীয়া বাহন, ৰে’ল নাইবা বিমানেৰে এই চােৰাং সােণ দেশৰ অন্যান্য ঠাইৰ লগতে বিদেশলৈও সৰবৰাহৰ বাবে সক্ৰিয় হৈ আছে এটা শক্তিশালী চক্ৰ।

এনে আন্তঃৰাষ্ট্ৰীয় সােণ সৰবৰাহকাৰী চক্ৰৰ বিৰুদ্ধে ধাৰাবাহিকভাৱে সফল অভিযান অব্যাহত ৰাখিছে ৰাজহ চােৰাংচােৱা বিভাগ চমুকৈ ডিআৰআইয়ে।

বিভাগটােৰ নতুন দিল্লী স্থিত গােটৰ গােপন খবৰৰ ভিত্তিত এটা অভিযানকাৰী দলে ভাৰত-ম্যানমাৰ সীমান্তৰ পৰা পাঞ্জাৱলৈ যাত্ৰা কৰা দুখন ট্ৰাকৰ পৰা ৬৬.৪ কিলােগ্ৰাম ওজনৰ চােৰাং সােণৰ ৪੦੦ বিস্কুট জব্দ কৰিবলৈ জব্দ কৰিবলৈ সক্ষম হয়।

সংস্থাই প্ৰকাশ কৰা মতে, দুখন ট্ৰাকৰ ইন্ধনৰ টেংকীত উক্ত সােণখিনি লুকুৱাই অনা হৈছিল। জব্দকৃত সােণৰ মূল্য প্ৰায় ৩৫ কােটি টকা বুলি অনুমান কৰা হৈছে।

অৱশ্যে কোন ঠাইত ট্ৰাক দুখন জব্দ কৰা হ’ল, সেয়া আনুষ্ঠানিকভাৱে প্ৰকাশ কৰা নাই সংস্থাটােৱে।