‘অসমৰ বেচৰকাৰী মাদ্ৰাছাৰ শিক্ষাৰ্থীয়ে নাজানে লাচিত বৰফুকন, গুৰুজনাৰ কথাঃ বিজেপি নেতা

নিউজ ডেস্ক। অসমৰ চৰ-চাপৰিৰ মাদ্ৰাছাত ইছলামীয় সন্ত্রাসবাদী সংগঠনৰ বাবে গঢ়ি তোলাৰ কাম চলিছে শ্লিপাৰ চেলৰ বিশাল নেটৱৰ্ক।

-এই বিস্ফোৰক অভিযোগ তুলিছে অসম ৰাজ্যিক বিজেপিৰ মুখপাত্ৰ ৰঞ্জীৱ কুমাৰ শৰ্মা আৰু ডঃ মমিনুল আৱালে।

দেওবাৰে হেঙেৰাবাৰীস্থিত বিজেপিৰ মুখ্য কাৰ্যালয়ত এক সংবাদমেল সম্বোধন কৰি বিজেপিৰ মুখপাত্ৰ দুগৰাকীয়ে কয় যে সন্ত্রাসবাদৰ আন্তঃৰাষ্ট্ৰীয় প্লেটফৰ্ম হাক্কানী নেটৱৰ্কৰ আৰ্হিত অসমতাে ‘অল কায়দা ইন ইণ্ডিয়ান ছাৱ কন্টিণেন্ট’-য়ে(এ কিউ আই এছ) চৰ চাপৰিৰ মাদ্ৰাছা সমূহত ইছলামীয় সন্ত্রাসবাদী সংগঠনৰ বাবে শ্লিপাৰ চেলৰ বিশাল নেটৱৰ্ক গঢ়ি তােলাৰ কাম তীব্র গতিত চলাই আছে।

উল্লেখ্য যে, বৰপেটাৰ ঢকালিয়াপাৰা মাদ্রাছাত আৰক্ষীয়ে অভিযান চলাই সন্ত্ৰাসবাদৰ প্ৰশিক্ষণ দিয়া এজন বাংলাদেশী নাগৰিকসহ আল কায়দাৰে জড়িত থকাৰ সন্দেহত ৫ জনক গ্ৰেপ্তাৰ কৰাৰ পিছতে ৰাজ্যজুৰি আতংকই বিৰাজ কৰিছে। সন্ত্ৰাসবাদী কাৰ্যকলাপৰ অভিকেন্দ্ৰস্বৰূপ হৈ পৰা অসমৰ বিভিন্ন প্ৰান্তৰ বেচৰকাৰী মাদ্ৰাছা সমূহৰ ওপৰত কঠোৰ দৃষ্টি ৰাখিবলৈ চৰকাৰৰ ওচৰত আহ্বান জনাইছে বহুতে।

দেওবাৰে সংবাদমেলত বিজেপিৰ মুখপাত্ৰ ৰঞ্জীৱ কুমাৰ শৰ্মা আৰু ডঃ মমিনুল আৱালেও প্রশাসনৰ প্ৰতি এই আহ্বান জনাই অভিযোগ কৰে যে অসমৰ বিভিন্ন প্ৰান্তৰ মাদ্ৰাছাত ধৰ্মৰ নামত সন্ত্ৰাসবাদৰ শিক্ষা দিয়া হৈ আহিছে।

মুখপাত্ৰদ্বয়ে লগতে দাবী কৰে যে, বেচৰকাৰী মাদ্ৰাছাৰ অধিকাংশ ছাত্ৰ-ছাত্ৰীয়েই মহাপুৰুষ শংকৰদেৱ-মাধৱদেৱ, লাচিত বৰফুকনৰ বিষয়ে নাজানে। কিন্তু নিয়ন্ত্ৰণহীন এনে মাদ্ৰাছাসমূহত ধৰ্মৰ আঁৰ লৈ পাকিস্তান, আফগানিস্তান, ছিৰিয়া, লেবানন আদি দেশৰ সমৰ্থিত সন্ত্ৰাসবাদী সকলৰ বিষয়ে শিক্ষা দিয়া হয়। ফলত ধৰ্মৰ আঁৰ লৈ এটি ৰাষ্ট্র বিৰােধী চক্রই মাদ্ৰাছা সমূহৰ ছাত্ৰ-ছাত্ৰীক বিপথে পৰিচালিত কৰাৰ সম্ভাৱনাক নুই কৰিব নােৱাৰি বুলিও মন্তব্য কৰে বিজেপি নেতাদ্বয়ে।

ইফালে ৰাজ্যত সক্ৰিয় হৈ উঠা এনে জেহাদী কাৰ্যকলাপৰ বাবে কংগ্ৰেছ, এআইইউডিএফ, আমছুৰ দৰে দল-সংগঠনক জগৰীয়া কৰি নেতাদ্বয়ে কয় যে এনে দল-সংগঠনে সংখ্যালঘু সম্প্ৰদায়ক তোষামোদ কৰাৰ নামত চৰ-চাপৰিত অব্যাহত থকা এনে ভয়ংকৰ কাণ্ডৰ বিৰুদ্ধে মাত নামাতে।

এনে দল-সংগঠনে ইছলামীয় সন্ত্রাসবাদক গৰিহণা দি আজি পর্যন্ত কোনাে ধৰণৰ কার্যসূচী গ্রহণ কৰা পৰিলক্ষিত হােৱা নাই বুলিও তাৎপর্যপূর্ণ মন্তব্য কৰে বিজেপি নেতা দুগৰাকীয়ে।

উল্লেখ্য যে, বৰপেটাত সন্ত্ৰাসবাদী সংগঠন আল কায়দাৰ সৈতে জড়িত ৫ জনক গ্ৰেপ্তাৰ কৰাৰ পিছতে প্ৰতিক্ৰিয়া ব্যক্ত কৰি মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই এনে বহু জেহাদী চক্ৰ অসমত সক্ৰিয় হৈ থকা বুলি মন্তব্য কৰিছিল। চৰকাৰৰ ওচৰত এই বিষয়ে তথ্য থকা বুলি মুখ্যমন্ত্ৰীগৰাকীয়ে জানিবলৈ দি কৈছিল যে এনে জেহাদী কাৰ্যকলাপ ভৱিষ্যত অসমৰ বাবে অমংগল আৰু ইয়াৰ বিৰুদ্ধে চৰকাৰ-প্ৰশাসনে বহুখিনি কাম কৰিবলগা আছে।

Leave a Comment