অসমৰ বিহুক গীনিজ বুকত অন্তৰ্ভূক্তিৰ লক্ষ্য! ১১ হাজাৰ বিহুৱা-নাচনীৰে এইবাৰৰ ৰঙালী বিহু আয়োজন অসম চৰকাৰৰ…

নিউজ ডেস্কঃ অসমৰ বিহুক বিশ্বমুখী কৰাৰ প্ৰয়াস অসম চৰকাৰৰ।

অসম চৰকাৰৰ উদ্যোগত এইবাৰ উদযাপন কৰা হ’ব ৰঙালী বিহু।

কেবিনেট বৈঠকৰ পিছতে এই ঘোষণা মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ।

ৰঙালী বিহুৰ প্ৰদৰ্শনীলৈ আমন্ত্ৰণ জনোৱা হ’ব প্ৰতিখন ৰাজ্য আৰু কেন্দ্ৰীয় শাসিত প্ৰদেশৰ ৰাজ্যপাল আৰু মুখ্যমন্ত্ৰীক।

অসম চৰকাৰৰ মন্ত্ৰীসকলে ভাগে ভাগে গৈ জনাব নিমন্ত্ৰণ।

বিহু প্ৰদৰ্শনী অনুষ্ঠানত উপস্থিত থাকিব প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীও।

বিহু পৰিচালনাৰ বাবে এখন মন্ত্ৰীসভাৰ কমিটী গঠন কৰা হ’ব।

মন্ত্ৰীসভাখনত থাকিব ৰণোজ পেগু, বিমল বৰা, কেশৱ মহন্ত আৰু জয়ন্ত মল্ল বৰুৱা।

ইতিমধ্যে অসমৰ বিহু বিশেষজ্ঞ আৰু পৰামৰ্শদাতা সকলক লৈ বিহু নৃত্যৰ ভিডিঅ’ প্ৰস্তুত কৰি প্ৰেৰণ কৰা হৈছে গিনীজ বুকলৈ।

২৭ ফেব্ৰুৱাৰীৰ পৰা শংকৰদেৱ কলাক্ষেত্ৰত আৰম্ভ হৈছে বিহু নৃত্যৰ কৰ্মশালা।

গোটেই অসমৰ জিলা সমূহে এই কাৰ্যসূচীত অংশগ্ৰহণ কৰিব।

প্ৰত্যেকখন জিলাৰ পৰাই আহিব বিহুৰ ঢোলবাদক, পেঁপাবাদক, নাচনী।

ডিব্ৰুগড় জিলাৰ পৰা অংশগ্ৰহণ কৰিব ১৪০০ নাচনী, ঢোলবাদক, পেঁপাবাদকে।

তিনিচুকীয়াৰ পৰা ৫০০, শিৱসাগৰৰ পৰা ৮০০ জনে অংশগ্ৰহণ কৰিব।

সেইদৰে চৰাইদেউৰ পৰা ৪০০, ধেমাজিৰ পৰা ৮০০, লখিমপুৰৰ পৰা ৭০০ জনে কৰিব অংশগ্ৰহণ।

কাৰ্বি আংলংৰ পৰা ৭০ জন, পঃ কাৰ্বি আংলঙৰ পৰা ৫০ জন, ডিমা হাচাওৰ পৰা ৫০ জন, ধুবুৰীৰ পৰা ৫০ জন, বঙাইগাঁৱৰ পৰা ১০০জন, মাজুলীৰ পৰা ২০০ জন, কোকৰাঝাৰৰ পৰা ১০০ জন, দক্ষিণ শালমৰাৰ পৰা ২০জনে ল’ব অংশ।

বৰপেটাৰ পৰা ১০০ জন, কামৰূপ মহানগৰৰ পৰা ৮০০ জন, নলবাৰীৰ পৰা ৩০০ জন, কামৰূপৰ পৰা ৬০০ জন, মৰিগাঁৱৰ পৰা ২০০জন, নগাঁৱৰ পৰা ৭৫০ জন, গোলাঘাটৰ পৰা ১০০০ জন, গোৱালপাৰাৰ পৰা ২০০জনে অংশগ্ৰহণ কৰিব এই প্ৰদৰ্শনীত।

দৰঙৰ পৰা ২০০ জন, শোণিতপুৰৰ পৰা ১১০০ জন, কাছাৰৰ পৰা ২০ জন, হাইলকান্দিৰ পৰা ২০জন, ওদালগুৰিৰ পৰা ১০০ জন, বাক্সাৰ পৰা ৫০ জন, চিৰাঙৰ পৰা ৪০ জন বিহুৱা-নাচনীয়ে অংশগ্ৰহণ কৰিব।

মুঠ ১১১৪০ গৰাকী নাচনী আৰু বিহুৱা এই অনুষ্ঠানলৈ আহিব।

প্ৰত্যেকটো স্থানতে ৫০ টা প্ৰশিক্ষণ শিৱিৰ অনুষ্ঠিত হ’ব।

জিলা সমূহত নিৰ্বাচিত নাচনী সকলক ২৭ মাৰ্চৰ পৰা ১ এপ্ৰিললৈ জিলাভিত্তিত প্ৰশিক্ষণ প্ৰদান কৰা হব।

৯ এপ্ৰিলৰ পৰা ১২ এপ্ৰিললৈ গুৱাহাটীত হ’ব ড্ৰেছ ৰিহাৰ্চেল।

১৪ এপ্ৰিলত প্ৰদৰ্শিত কৰা হ’ব বিহু।

অসম চৰকাৰৰ এই বিশাল বিহু নৃত্য আয়োজনত অংশগ্ৰহণ কৰিব পাৰিব ১৫-৩৫ বছৰৰ ভিতৰৰ বিহুৱা-নাচনীয়ে।

পুৰণি বিহু দল, বিহুৱতী, পুৰস্কাৰপ্ৰাপ্ত বিহু দলক প্ৰদান কৰা হ’ব অগ্ৰাধিকাৰ।

জিলা উপায়ুক্ত সকলে পৰ্টেলযোগে ৰেজিষ্টাৰ কৰিব অংশগ্ৰহণ কৰিবলগীয়া বিহুৱা-নাচনীৰ।

বিহুৱা আৰু নাচনী সকলক জিলাৰ ভিতৰত প্ৰশিক্ষণৰ সময়ত প্ৰতিদিনে প্ৰদান কৰা হ’ব ৩০০ টকাকৈ।

পোছাকৰ বাবে প্ৰদান কৰা হ’ব ৩০০০ হাজাৰ টকা।

গুৱাহাটীত ড্ৰেছ ৰিহাৰ্চেলৰ সময়ত প্ৰদান কৰা হ’ব এহাজাৰ টকাকৈ।

গুৱাহাটীত বিহুৱা-নাচনী সকলক ৰখাৰ ব্যৱস্থা কৰিব কামৰূপ মহানগৰ জিলা প্ৰশাসনে।

ইয়াত অংশগ্ৰহণ কৰিব বিচৰা নাচনী-বিহুৱাসকলে জিলা উপায়ুক্তক সাক্ষাৎ কৰিব পাৰে।