অসম

অসমৰ বন্যাৰ্তক সহায়ৰ বাবে পদপথত গীত গাই পুঁজি সংগ্ৰহ বহিঃৰাজ্যৰ এইসকল যুৱকৰ…

বলিয়া বাবে সৰ্বস্বান্ত কৰিলে ৰাজ্যবাসীক।

ঘৰবাৰী সৰ্বস্ব বানত ডুব যোৱাৰ ফলত এতিয়া এটুপি খোৱাপানীৰ বাবে হাহাকাৰ কৰিছে সাধাৰণ জনতাই।

কিছু কিছু অঞ্চলত বান পৰিস্থিতি সাম কাটিছে যদিও বানত ডুব যোৱাৰ ফলত সকলো হেৰুৱাই তীব্ৰ খাদ্য সংকটত পৰিছে মানুহৰ লগতে পশুধন।

বৰ্তমানেও পানীত ডুব গৈ আছে সমগ্ৰ শিলচৰ চহৰ।

এনে পৰিস্থিতিত ৰাজ্যলৈ পাৰ্য্যমানে সহায়ৰ হাত আগবঢ়াইছে বহুজনে।

ইয়াৰ মাজতে সামাজিক মাধ্যমত ভাইৰেল হৈ পৰিছে এটা ভিডিঅ’।

উত্তৰ-পূবৰ ৰাজ্য ত্ৰিপুৰাৰ ৰাজপথত কেইগৰাকীমান যুৱকে অসমৰ বানপীড়িতক সহায়ৰ বাবে লৈছে বিশেষ পদক্ষেপ।

ত্ৰিপুৰাৰ ধৰ্মনগৰৰ পদপথত গীত পৰিৱেশন কৰি অসমৰ বাবে পুঁজি সংগ্ৰহ কৰিছে যুৱক কেইজনে।

বানত ককবকাই থকা অসমৰ বন্যাৰ্তৰ বাবে লোৱা এনে পদক্ষেপে মন জয় কৰিছে বহুতৰে।

সকলোৱে যুৱক কেইজনৰ এই পদক্ষেপক প্ৰশংসাও কৰিছে।

Related Articles

Back to top button