অসমৰ পৰা পদব্ৰজে লাডাখত উপস্থিত অঞ্জলি দাস, উৰুৱালে জয় আই অসম লিখা গামোচা-ত্ৰিৰংগ পতাকা

নিউজ ডেস্ক। কামৰূপ জিলাৰ পলাশবাৰী ৰাজহ চক্ৰৰ অন্তৰ্গত আমৰাংগাৰ পৰা সুদূৰ লাডাখলৈ যোৱা ১৩ আগষ্টৰ পুৱা যাত্ৰা কৰা দুঃসাহসিক খেলুৱৈ অঞ্জলি দাসে তেওঁৰ যাত্ৰা সফল কৰি লাডাখৰ শৃংগত উৰুৱালে জয় আই অসম লিখা গামোচা আৰু ত্ৰিৰংগ পতাকা।

এই খবৰ এক ভিডিঅ’যোগে প্ৰচাৰিত হোৱাৰ পিছতে অঞ্চলটোত আনন্দৰ বন্যা বয়।

উল্লেখযোগ্য যে অঞ্জলি দাসে আমৰাংগাৰ পৰা লাডাখলৈ ২,৭৯৬ কিলোমিটাৰ পথ পদযাত্ৰা কৰিবলৈ ওলোৱাৰ সময়ত আহিছিল নেৰানেপেৰা বৰষুণ।

ঠিক তেনেকৈ যাত্ৰাৰ শেষত সন্মুখীন হৈছিল প্ৰচণ্ড শীত। বৰফেৰে আৱৰি ধৰা ওখ পাহাৰৰ পথেৰে তেওঁৰ যাত্ৰা আছিল আটাইতকৈ ভয়াৱহ।

photo-2021-10-30-11-48-31

অক্সিজেন অবিহনে যাত্ৰা কৰাটো সম্ভৱপৰ নাছিল। যাৰ বাবে অঞ্জলিয়ে লগত লৈছিল অক্সিজেন।

লাডাখ যাত্ৰা সফল হোৱাৰ বাবে শুভাকাংক্ষীসকলে আশীৰ্বাদ-শুভেচ্ছা জনাইছে খেলুৱৈ অঞ্জলি দাসক।

উল্লেখযোগ্য যে ভাৰতবৰ্ষৰ সকলো মানুহ সু-স্বাস্থ্যৰ অধিকাৰী হৈ ৰওক শ্ল’গানেৰে যাত্ৰা আৰম্ভ কৰিছিল দাসে।

অসমৰ পৰা প্ৰথমগৰাকী মহিলা অঞ্জলি দাসৰ কৃতিত্ব ইতিহাসৰ সোণালী পৃষ্ঠাত লিপিবদ্ধ হৈ ৰ’ব।

লগতে চাওকঃ

দুই মূৰ সংলগ্ন থকা যমজ কন্যা সন্তান প্ৰসৱ মহিলাৰ, তীব্ৰ কৌতূহল

Leave a Comment