নিউজ ডেস্কঃ নতুন দিল্লীত শেষ নিশ্বাস ত্যাগ কৰিলে বিশিষ্ট অসমীয়া চিকিৎসক ডা০ পিংকী মহন্ত নাথ!
দীৰ্ঘদিন ধৰি জটিল ৰোগত আক্ৰান্ত হৈ থাকি বুধবাৰে পুৱা নতুন দিল্লীৰ মেক্স হাস্পতালত চিকিৎসাধীন অৱস্থাত ৫১ বছৰ বয়সত শেষ নিশ্বাস ত্যাগ কৰে ডা০ পিংকী মহন্ত নাথে।

উল্লখ্য যে, যোৰহাট নগৰৰ চোলাধৰাৰ নিৱাসী বন বিভাগৰ ডিএইঅ’ তুলসী মহন্তৰ কনিষ্ঠা কন্যা পিংকী মহন্তই ১৯৯০ চনত যোৰহাটৰ জগন্নাথ বৰুৱা মহাবিদ্যালয়ৰ পৰা উচ্চতৰ মাধ্যমিক চূড়ান্ত পৰীক্ষাৰ বিজ্ঞান শাখাত ৰাজ্যৰ ভিতৰতে ষষ্ঠস্থান লাভ কৰিছিল।
তাৰ পিছতে তেওঁ ডিব্ৰুগড়ৰ অসম চিকিৎসা মহাবিদ্যালয়ৰ পৰা এমবিবিএছ ডিগ্ৰী লাভ কৰে আৰু পৰৱৰ্তী সময়ত দিল্লীৰ এইমছৰ পৰা চকুৰোগ বিভাগত স্নাতকোত্তৰ ডিগ্ৰী গ্ৰহণ কৰে।
ইয়াৰ পিছতে ডা০ পিংকী মহন্তই দেশৰ প্ৰখ্যাত হৃদৰোগ বিশেষজ্ঞ তথা ৰামমনোহৰ লোহিয়া হাস্পতালৰ হৃদৰোগ বিভাগৰ জ্যেষ্ঠ চিকিৎসক ডা০ ৰঞ্জিত নাথৰ সৈতে বিবাহ পাশত আৱদ্ধ হৈ নতুন দিল্লীতে নিগাজিকৈ থাকিবলৈ লয়।
এগৰাকী মেধাৱী ছাত্ৰী আৰু চিকিৎসক হিচাপে সুপৰিচিত ডা০ পিংকী মহন্ত নাথ বিগত কিছুদিন ধৰি জটিল ৰোগত আক্ৰান্ত হৈ মেক্স হাস্পতালত চিকিৎসাধীন হৈ আছিল। আৰু তাতেই বুধবাৰে পুৱা প্ৰায় ১০ বজাত মৃত্যু ঘটে বিশিষ্ট অসমীয়া চিকিৎসকগৰাকীৰ।
ডা০ পিংকী মহন্ত নাথৰ বিয়োগৰ খবৰ লাভ কৰাৰ পিছতে তেওঁৰ জন্মনগৰী যোৰহাটত সৃষ্টি হৈছে শোকাকুল পৰিৱেশৰ। ইফালে তেওঁৰ জ্যেষ্ঠ ভগ্নী তথা গুৱাহাটী আইআইটিৰ অধ্যাপিকা ড০ চিত্রলেখা মহন্ত দিল্লীত উপস্থিত হোৱাৰ পিছত তাতেই শেষকৃত্য সম্পন্ন কৰা হয় প্ৰৱাসী অসমীয়া চিকিৎসকগৰাকীৰ।
2 thoughts on “অসমৰ পৰা গৈ দিল্লীত প্ৰতিষ্ঠিত হোৱা বিশিষ্ট চিকিৎসক ডাঃ পিংকী মহন্ত নাথৰ বিয়োগ”
Comments are closed.