নিউজ ডেস্কঃ এখন ভিতৰুৱা গাঁৱৰ সাধাৰণ ল’ৰা এজন। কণ্ঠ তেওঁৰ যাদুকৰী।
আনৰ কালজয়ী গীতবোৰো নিজৰ কৰি গাব পৰা এই সুমধুৰ কণ্ঠৰ অধিকাৰী যুৱকজনে যে এদিন চিনেমাত গীত গোৱাৰ সুযোগ পাব সেয়া কোনেও কল্পনাই কৰা নাছিল।
গাঁৱত কাম কৰি থকা সময়তে গুণগুনোৱা গীতবোৰে এদিন মন জয় কৰিছিল লাখ লাখ নেট ব্যৱহাৰকাৰীৰ। নিশাটোৰ ভিতৰতে ভাইৰেল হৈ পৰিছিল যুৱকজন।
১৮ বছৰীয়া যুৱকজনৰ কণ্ঠই মন চুইছিল অভিনেতা চনু সুদৰো। আৰু তাৰ পিছতে যেন ভাগ্য সলনি হৈ পৰিল গাঁৱৰ সেই সাধাৰণ যুৱকজনৰ।
এতিয়া চনু সুদৰ আহিবলগীয়া ছবি ফতেহৰ বাবে এটা গীতত কণ্ঠ দিয়াৰ সুযোগ পাইছে যুৱকজনে। এদিন অভাৱত জুৰুলা যুৱকজনে আজি লাভ কৰিছে নাম-যশ-ধন সকলো।
আচলতে এই ভাইৰেল যুৱকজনৰ বাবে সকলো সম্ভৱ হৈছিল অসমৰ এগৰাকী যুৱতীৰ বাবে।
পূৰ্বে টকাৰ বাবে কেটাৰিঙত কাম কৰিছিল যুৱকজনে। সেই সময়তে ফেচবুকত পৰিচয় ঘটিছিল এগৰাকী যুৱতীৰ সৈতে।
ভালপোৱাৰ আলাপত কেতিয়াবা প্ৰেয়সীৰ বাবে দুই এটা গীতৰ শাৰী গুণগুনাইছিল তেওঁ।
এদিন অসমৰ সেই প্ৰেয়সীগৰাকীয়ে যুৱকজনক কৈছিল- গীত তুমি ভাল গোৱা..। ভিডিঅ’ বনাই ছ’চিয়েল মিডিয়াত নিদিয়া কিয়?
যুৱকজনে জানিছিল যে তেওঁৰ কণ্ঠ ভাল। কিন্তু নাছিল আত্মবিশ্বাস।
যুৱকজনৰ মনত সেই আত্মবিশ্বাস জগাইছিল তেওঁৰ প্ৰেয়সীয়ে। অসমৰ বাবে প্ৰেমিক যুৱকজনলৈ তেওঁ পঠিয়াইছিল এখন গীটাৰ আৰু এডাল মোবাইল ষ্টেণ্ড।
প্ৰেয়সীৰ প্ৰেৰণা আৰু গীতৰ প্ৰতি থকা হাবিয়াসৰ বাবে এদিন সামাজিক মাধ্যমত যুৱকজনে পোষ্ট কৰিছিল প্ৰথমটো ভিডিঅ’।
সেই গীতটো আছিল ‘দিল দে দিয়া হ্যে…’।
যুৱকজনৰ প্ৰথমটো গীতেই ভাইৰেল হৈ পৰিছিল। লাখ লাখ দৰ্শকে প্ৰশংসা কৰিছিল তেওঁৰ কণ্ঠ আৰু গায়নশৈলীৰ।
তাৰ পিছত আৰু থমকি ৰ’ব লগা হোৱা নাই যুৱকজনে। এতিয়া তেওঁ এজন সফল ভাইৰেল গায়ক।
এদিন খেতিপথাৰত গীতৰ কলি গুণগুনাই ভালপোৱা যুৱকজনে আজি নিজৰ কণ্ঠৰে মুগ্ধ কৰি ৰাখিছে সংগীত প্ৰেমিক।
অৱশ্যে সামাজিক মাধ্যমত যিকোনো লোকেই ভাইৰেল হৈ পৰিব পাৰে। প্ৰতিভা থকাৰ পিছতো লাইম লাইটলৈ আহি নিজক হেৰুৱাই অৱশেষত পুনৰ অপৰিচিতও হৈ পৰে বহুজন।
দুবছৰ পূৰ্বে ৰে’ল ষ্টেছনত গীত গোৱা এগৰাকী ভিক্ষাৰী মহিলাও ভাইৰেল হৈ পৰিছিল। তেওঁ আছিল ৰাণু মণ্ডল।
লতা মংগেশকাৰৰ সৈতে মানুহে তুলনা কৰিছিল তেওঁৰ কণ্ঠ। বলিউডৰ সংগীত পৰিচালক হিমেশ ৰেশমীয়াই দিছিল গীত গোৱাৰ সুযোগ।
ৰাতিটোৰ ভিতৰতে নাম-যশ-ঐশ্বৰ্য লাভ কৰা ৰাণু মণ্ডল এতিয়া পিছে আকৌ অপৰিচিত হৈ পৰিছে। নিজৰ সফলতাক ধৰি ৰাখিব নোৱাৰাৰ দোষত আজি সকলো হেৰুৱাই পুনৰ সেই আগৰ অৱস্থালৈ উভতিবলগীয়া হৈছে ৰাণু মণ্ডল।
‘কাঁচা বাদাম’ গীতেৰে ভাইৰেল হৈ পৰিছিল গাঁৱে গাঁৱে বাদাম বিক্ৰী কৰা ভূৱন বৈদ্যকাৰ। তেওঁৰ সেই গীতেৰেই জনপ্ৰিয় হৈ পৰিল আন বহু গায়ক, ডান্সাৰো।
কিন্তু মাত্ৰ তিনিলাখ টকাৰ বাবে নিজৰ এই গীত বিক্ৰী কৰি আজি সৰ্বস্ৰান্ত হৈ পৰিছে ভূৱন বৈদ্যকাৰ। আজি তেওঁ কপিৰাইট ইছ্যুৰ বাবে মঞ্চত গাব নোৱাৰা হৈ পৰিছে নিজৰে ‘কাঁচা বাদাম’ গীত।
যাৰ পৰিণতিত নিশাটোৰ ভিতৰত লাভ কৰা সকলো খ্যাতি এতিয়া হেৰুৱাবলগীয়া হৈছে তেঁৱো।
কণ্ঠৰ যাদুৰে সামাজিক মাধ্যমত ভাইৰেল হৈ পৰা বিহাৰৰ সমষ্টিপুৰৰ নিৱাসী যুৱকজনৰ নাম অমৰজিৎ জয়কাৰ।
অমৰজিতে আজি চনু সুদৰ ছবিত গীত গোৱাৰ সুযোগ পাইছে ঠিকেই, কিন্তু তেওঁৱো এদিন ৰাণু মণ্ডল বা ভূৱন বৈদ্যকাৰৰ দৰে হেৰাই যাব নেকি, সেয়া নিৰ্ভৰ কৰিব তেওঁৰ কৰ্ম আৰু আচৰণৰ ওপৰত।