অসমৰ পাঁচ আদিবাসী উগ্ৰপন্থী সংগঠনৰে কেন্দ্ৰ আৰু ৰাজ্য চৰকাৰৰ শান্তি চুক্তি সম্পন্ন।
কেন্দ্ৰ আৰু অসম চৰকাৰে বৃহস্পতিবাৰে নতুন দিল্লীত অসমৰ পাঁচটা আদিবাসী উগ্ৰপন্থী সংগঠনৰ সৈতে ত্ৰিপাক্ষিক শান্তি চুক্তি স্বাক্ষৰ কৰে।
দিল্লীত বাহৰ পাতি থকা পাঁচ আদিবাসী উগ্ৰপন্থীৰ নেতৃবৃন্দৰ সৈতে আজি কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহ আৰু মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাৰ উপস্থিতিত এই শান্তি চুক্তি স্বাক্ষৰ হয়।

বিৰছা কমাণ্ডো ফ’ৰ্চ, আদিবাসী কোব্ৰা মিলিটেন্স অৱ আছাম, অল আদিবাসী নেশ্যনেল লিবাৰেচন আৰ্মী, ছানটাল টাইগাৰ ফ’ৰ্চ আৰু আদিবাসী পিপলছ আৰ্মীৰ সৈতে এই শান্তি চুক্তি সম্পন্ন হয়।
গৃহমন্ত্ৰী অমিত শ্বাহে এই দিনটোক অসম তথা উত্তৰ-পূবৰ বাবে এক গুৰুত্বপূৰ্ণ দিন বুলি অভিহিত কৰে।

অমিত শ্বাহে লগতে কয়, ‘উত্তৰ-পূবৰ উন্নয়নৰ বাবে মোদী চৰকাৰে বহু পদক্ষেপ গ্ৰহণ কৰিছে। অসমৰ আদিবাসী সংগঠনৰ প্ৰায় ১১০০ ব্যক্তিয়ে আজি অস্ত্ৰ সম্বৰণ কৰি মূলসুঁতিলৈ ঘূৰি আহিছে।
ৰাজ্যত শান্তি শৃংখলা ঘূৰাই অনাৰ ক্ষেত্ৰত এই শান্তি চুক্তি স্বাক্ষৰ হিমন্ত বিশ্ব শৰ্মা নেতৃত্বাধীন চৰকাৰৰ এক বৃহৎ সফলতা হিচাপে পৰিগণিত হয়।
শান্তি চুক্তি স্বাক্ষৰ হোৱাৰ পিছত মুখ্যমন্ত্ৰী শৰ্মাই সংবাদ মাধ্যমৰ আগত আজিৰ দিনটো অসমৰ বাবে এক ঐতিহাসিক দিন বুলি অভিহিত কৰে।

তেওঁ কয়, ‘২০১২ চনত আদিবাদী সংগঠনৰ বিদ্ৰোহী সংগঠনসমূহৰ সৈতে এটা আলাপ আলোচনাৰ বাট মুকলি কৰা হৈছিল। ২০১৬ চনত তেওঁলোকৰ লগত যুদ্ধবিৰতি হৈছিল। সেই যুদ্ধবিৰতিৰ আলম লৈয়ে আজি আমি সংগঠন কেইটাৰ লগত এখন চুক্তি স্বাক্ষৰ কৰিলো। এই চুক্তি অনুসৰি তেওঁলোকৰ বিদ্ৰোহী সদস্যসকলে আত্মসমৰ্পণ কৰিব আৰু চৰকাৰক অস্ত্ৰ-শস্ত্ৰ জমা দিব।
মুখ্যমন্ত্ৰী শৰ্মাই লগতে কয় যে, অসমত এখন আদিবাসী কল্যাণ পৰিষদ গঠন কৰা হ’ব। সাম্প্ৰদায়িক সংঘৰ্ষত ক্ষতিগ্ৰস্ত লোকসকলক পুনৰ সংস্থাপনৰ ব্যৱস্থা কৰিব। আদিবাসী ভাষা-সংস্কৃতি সংৰক্ষণ কৰা হ’ব।

আনহাতে আদিবাসী বহুল অঞ্চলৰ উন্নয়নৰ বাবে ৰাজ্য চৰকাৰে ৫০০ কোটি আৰু কেন্দ্ৰীয় চৰকাৰৰ তৰফৰ পৰা ৫০০ কোটি টকা প্ৰদান কৰিব বুলি কয় মুখ্যমন্ত্ৰী শৰ্মাই।
অনুষ্ঠানত কেন্দ্ৰীয় পেট্ৰলিয়াম ৰাজ্যিক মন্ত্ৰী ৰামেশ্বৰ তেলী, অসমৰ চাহজনজাতি উন্নয়ন মন্ত্ৰী সঞ্জয় কিষান, সাংসদত্ৰয় কামাখ্যা তাছা, পল্লৱলোচন দাস, তপন কুমাৰ গগৈ, জ্যেষ্ঠ আমোলা অজয় কুমাৰ ভাল্লা, অসম আৰক্ষীৰ সঞ্চালক প্ৰধান ভাস্কৰজ্যোতি মহন্ত উপস্থিত থাকে।