NATIONAL

অসমৰ দুই চিত্ৰশিল্পীক ভূঁয়সী প্ৰশংসা ‘দুখীয়াৰ বন্ধু’ চনু সুদৰ

নিউজ ডেস্ক। ‘I also want a selfie here’!

এইদৰে বৃহৎ দেৱালত অংকন কৰা নিজৰ ছবিক লৈ প্ৰতিক্ৰিয়া প্ৰকাশ কৰিলে বলিউডৰ বিশিষ্ট অভিনেতা তথা দুখীয়াৰ বন্ধু হিচাপে পৰিচিত চনু সুদে।

উল্লেখ্য যে এই ছবিখন অসমৰ।

প্ৰায় ১২ ফুট উচ্চতাৰ এই চিত্ৰ অংকন কৰিছে নগাঁৱৰ কুকিল বিজয় শইকীয়া নামৰ এজন যুৱকে।

পেচাত এগৰাকী পশু চিকিৎসক কুকিলে নিজৰ ভাগিন জীৱৰাজৰ সৈতে লগ লাগি অতি নিপুণতাৰে অংকন কৰিছে।

সামাজিক মাধ্যমত যুৱকজনে শ্বেয়াৰ কৰা এই ছবিৰ ফটােখনত লিখিছেঃ

দৰ্শকৰ সন্মুখৰ পৰ্দাত খলনায়ক ৰ অভিনয় কৰি, প্ৰকৃত জীৱনত নায়কৰ ৰূপত কাল মহামাৰীৰ ৰ পৰা নিজৰ দেশৰ নাগৰিকৰ লগতে পৃথিৱীৰ সকলো প্ৰান্ততে থকা মানুহক নিজৰ জীৱনকো তুচ্ছ জ্ঞান কৰি সহায়ৰ হাত আগবঢ়োৱা মহান অভিনেতা জনৰ এখন প্ৰায় ১২ ফুটৰো অধিক উচ্চতাৰ ছবি মই আৰু মোৰ ভাগিন জীৱৰাজে আমাৰ অপৈনত হাতেৰে অংকন কৰাৰ চেষ্টা কৰিলোঁ। এইখিনিতে আমাক বিশেষ ভাবে সহায় কৰা শংকৰ ,খুৰা-খুৰী আৰু বিদ্যুতলৈ অশেষ ধন্যবাদ জ্ঞাপন কৰিলোঁ।

এই ফটােখনক লৈ প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে চনু সুদে। টুইটাৰৰ উপৰি ফেচবুক চনু সুদে লিখিছেঃ This is superb (এইটাে অত্যুত্তম)।

ইতিমধ্যে এই ফটােখন সামাজিক মাধ্যমত বিয়পি পৰিছে। সকলােৱে একমুখে অসমৰ দুই যুৱকৰ এনে ব্যতিক্ৰমী প্ৰচেষ্টা তথা বিপদৰ সময়ত দেশৰ লাখ লাখ দুৰিদ্ৰ লােকক সহায় কৰাৰ বাবে চনু সুদক জনােৱা কৃতজ্ঞতাৰ বাবে একমুখে প্ৰশংসা কৰিছে।

Related Articles

Leave a Reply

Your email address will not be published. Required fields are marked *

Back to top button