ৰাজ্যৰ বিভিন্ন প্ৰান্তত বিভিন্ন সময়ত গ্ৰেপ্তাৰ হোৱা ৮জন অবৈধ বাংলাদেশীক স্বদেশলৈ প্ৰেৰণ।
ইয়াৰে ৬গৰাকী উপযুক্ত নথি-পত্ৰ অবিহনে ভাৰতত অনুপ্ৰৱেশ কৰিছিল। তেওঁলোক শিলচৰ কেন্দ্ৰীয় কাৰাগাৰত বন্দী হিচাপে আছিল।
আনহাতে আন দুগৰাকী কামৰূপ জিলা কাৰাগাৰত আছিল।
আটাইকেইজনকে শনিবাৰে বাংলাদেশ প্রশাসনৰ হাতত অৰ্পণ কৰা হৈছে।
দুয়ো দেশৰ মাজত কূটনৈতিক আলোচনাৰ অন্তত দেশৰ পৰা প্ৰত্যর্পণ কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰা হৈছিল।

তেওঁলোক হ’ল বাংলাদেশৰ ৰাজশাহী জিলাৰ ৬০ বছৰীয়া মহম্মদ লাল মিঞা কাজী, মৌলবী বজাৰ জিলাৰ লালন মিঞা (৩০), বৰলেখা অঞ্চলৰ কুমাৰশৈলৰ মহিব উদ্দিন (২৯), বুবতলৰ আতাবুৰ ৰহমান (২৪), আব্দুল মতিন (২৭), চিলেট জিলা, কক্স বজাৰৰ ফৰিদ আলম ওৰফে কাজল (২৩)। ইপিনে, কামৰূপ জিলাত ফাইমা বেগম আৰু ৰহিম মিঞা আটক হৈছিল।
শিলচৰ কেন্দ্ৰীয় কাৰাগাৰৰ পৰা তেওঁলোকক কৰিমগঞ্জলৈ লৈ যোৱা হয় আৰু ভাৰত-বাংলাদেশ সীমান্তৰ সুতাৰকান্দি হৈ বাংলাদেশলৈ পঠিওৱা হয়।
সংবাদমাধ্যমৰ আগত এই কথা সদৰি কৰিছে কাছাৰ জিলাৰ সীমান্ত অতিৰিক্ত আৰক্ষী অধীক্ষক প্রদীপ কনৱাৰে।