অসমৰ নাজিৰাৰ ONGC কলনীৰ ধৃতিষ্মান চক্ৰৱৰ্তীলৈ ২০২২ বৰ্ষৰ প্রধানমন্ত্ৰী ৰাষ্ট্ৰীয় বাল পুৰষ্কাৰ।
সোমবাৰে ভাৰ্ছুৱেল মাধ্যমেৰে ধৃতিষ্মানক এই বঁটা প্ৰদান কৰে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে।
শিৱসাগৰ জিলাৰ উপায়ুক্ত কাৰ্যালয়ত ধৃতিষ্মান চক্ৰৱৰ্তীৰ পিতৃ মাতৃৰ লগতে শিৱসাগৰৰ উপায়ুক্ত মেঘ নিধি দাহালৰ উপস্থিতি ভাৰ্ছুৱেল মাধ্যমেৰে এই বঁটা প্ৰদান কৰা হয়।

দেৱজিৎ চক্ৰৱৰ্তী আৰু সুনম চক্ৰৱৰ্তীৰ পুত্ৰ ধৃতিষ্মান চক্ৰৱৰ্তীয়ে মাত্ৰ ৩ বছৰ বয়সতে “Youngest Multilingual Singer”ৰ খিতাপ অৰ্জন কৰিবলৈ সক্ষম হয়।
লগতে, প্ৰতিভা সম্পন্ন কণমানিটিয়ে আঠটা ভাষা ক্ৰমে অসমীয়া, হিন্দী,ইংৰাজী, বেংগলী, মাৰাঠী, কানাড়া,সংস্কৃত আৰু সিনহালিত গীতো পৰিৱেশন কৰে।

মাত্ৰ ৫ বছৰ বয়সতে ৭-৮টা ভাষাৰ প্ৰায় ৭০টা গীত বাণীবদ্ধ কৰি উলিয়াইছে ধৃতিষ্মানে।
উল্লেখযোগ্য যে, ৰবীন্দ্ৰ তীৰ্থ কলিকতাত অনুষ্ঠিত কৰা এটা লাইভ অনুষ্ঠানত কণমানিটিয়ে “Performer and Champ Of The Day” খিতাপ অৰ্জন কৰে।

তদুপৰি ভাৰতীয় ক্ৰিকেট দলৰ প্ৰাক্তন অধিনায়ক সৌৰভ গাংগুলীৰ সৈতেও অনুষ্ঠান পৰিৱেশন কৰিবলৈ ধৃতিষ্মান চক্ৰৱৰ্তীক আমন্ত্ৰণ জনোৱা হৈছিল।