অসমৰ ইতিহাসৰ আটাইতকৈ ভাল ব্যক্তি অখিল গগৈ! হঠাৎ মন্ত্ৰী পীযুষ হাজৰিকাৰ মুখত এই মন্তব্য কিয়…

নিউজ ডেস্কঃ কটাক্ষ কৰি হ’লেও বিধায়ক অখিল গগৈক অসমৰ ইতিহাসৰ আটাইতকৈ ভাল ব্যক্তি বুলি এবাৰৰ বাবে অভিহিত কৰিলে ৰাজ্য চৰকাৰৰ মন্ত্ৰী পীযুষ হাজৰিকাই।

সংবাদ মাধ্যমৰ সৈতে বাৰ্তালাপৰ সময়ত মন্ত্ৰী পীযুষ হাজৰিকাই ইতিকিংসূচকভাৱে ভাল ব্যক্তিৰ আখ্যা দিয়ে অখিল গগৈক।

দৰাচলতে বটদ্ৰৱাত প্ৰশাসনৰ উচ্ছেদ অভিযানক লৈ বিৰোধীয়ে সাব্যস্ত কৰিছে প্ৰতিবাদ।

বিধানসভাৰ শীতকালীন অধিৱেশনৰ প্ৰথম দিনটোতো এই উচ্ছেদৰ বিৰোধিতাৰে প্ৰতিবাদত নামি পৰে কংগ্ৰেছ-এআইইউডিএফকে ধৰি বিৰোধীয়ে।

শিৱসাগৰ সমষ্টিৰ বিধায়ক অখিল গগৈয়েও এই উচ্ছেদক লৈ বিৰোধিতা কৰা দেখা যায়।

সেই সন্দৰ্ভত সাংবাদিকে সোধা প্ৰশ্নৰ উত্তৰ দি মন্ত্ৰী পীযুষ হাজৰিকাই গগৈক কটাক্ষ কৰি কয়, ‘অসমৰ সভ্যতাত, অসমৰ ইতিহাসত অখিল গগৈ আটাইতকৈ ভাল ব্যক্তি। তেওঁতকৈ ভাল ব্যক্তি আন কোনো নাই। গতিকে এনে এজন ব্যক্তিৰ বিষয়ে উত্তৰ দিব নোৱাৰি।’

অন্যহাতে বটদ্ৰৱা অসমীয়াৰ পৰিচয় বুলি মন্তব্য কৰি পীযুষ হাজৰিকাই কয় যে অবৈধ দখলকাৰীৰ বিৰুদ্ধে চৰকাৰে উচ্ছেদ চলাবই।

ইফালে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাইও এই উচ্ছেদক লৈ প্ৰতিক্ৰিয়া ব্যক্ত কৰি কয় যে বটদ্ৰৱা অসমীয়া সংস্কৃতিৰ, অসমীয়া জাতিৰ পৰিচয়।

যাৰ বাবে বটদ্ৰৱাত অবৈধভাৱে দখলকাৰীৰ বিৰুদ্ধে উচ্ছেদ চলোৱাটো প্ৰয়োজনীয়।