
নিউজ ডেস্ক। ভােগালীৰ আনন্দ-উল্লাসৰ মাজতে এক দুঃখবৰ।
অসমৰ অগ্ৰণী পৰ্যটন উদ্যােগী আৰু প্ৰাক্তন শিক্ষক দেৱজিৎ গগৈৰ আকস্মিক বিয়ােগ।
মৃত্যুৰ সময়ত দেৱজিৎ গগৈৰ বয়স আছিল ৪৭ বছৰ।
উল্লেখ্য যে শিক্ষকতাৰ দৰে বৃত্তিক এৰি পৰ্যটন উদ্যােগৰ সৈতে জড়িত হৈ পৰা লখিমপুৰৰ দেৱজিৎ গগৈৰ গােৱাত মৃত্যু হয়।

জানিব পৰা মতে, লখিমপুৰৰ এটি শিক্ষামূলক ভ্ৰমণৰ দলক লৈ যােৱা ১ জানুৱাৰীত গোৱালৈ ৰাওনা হৈছিল দেৱজিৎ গগৈ।
কিন্তু তাত উপস্থিত হােৱাৰ পিছতে উচ্চ ৰক্তচাপজনিত ষ্ট্ৰোকত আক্ৰান্ত হয়।
তেওঁৰ স্বাস্থ্যৰ অধিক অৱনতি ঘটাত শুকুৰবাৰে পুৱা ৮.১৫ বজাত চিকিৎসাধীন অৱস্থাতে শেষ নিশ্বাস ত্যাগ কৰে।

উত্তৰ লখিমপুৰ চৰকাৰী উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ পৰা ১৯৯১ চনত হাইস্কুল শিক্ষান্ত পৰীক্ষাত সুখ্যাতিৰে উত্তীৰ্ণ হৈ নৰ্থ লখিমপুৰ মহাবিদ্যালয়ৰ পৰা বিজ্ঞানৰ স্নাতক হিচাপে উত্তীৰ্ণ হোৱা গগৈয়ে পৰৱৰ্তী সময়ত ছিকিমত বি ফাৰ্ম ডিগ্ৰী গ্ৰহণ কৰে।
২০১০ চনত তেওঁ বিজ্ঞান শিক্ষকৰূপে কাকৈ হাইস্কুলত যোগদান কৰি ২০১৭ চনলৈ শিক্ষকতা কৰে।
পিছত শিক্ষকতা চাকৰি বাদ দি পৰ্যটনৰ উদ্যােগৰ সৈতে জড়িত হৈ পৰে।
লখিমপুৰৰ চি ডি ৰোডৰ চৰাইদেউ নগৰ পথৰ বাসিন্দা গগৈয়ে মৃত্যুৰ সময়ত শিক্ষয়িত্ৰী পত্নীসহ ৮ বছৰীয়া একমাত্ৰ পুত্ৰ আৰু মাতৃসহ তিনি ভাতৃক এৰি গৈছে।