অসম

অসমীয়া ভাষা মিঞা মানুহখিনিয়েই জীয়াই ৰাখিছেঃ AIUDF বিধায়ক কৰিমউদ্দিন বৰভূঞা…

১ নৱেম্বৰৰ পৰা অসমত আৰম্ভ হ’ব কংগ্ৰেছৰ ভাৰত জোড়ো যাত্ৰা।

ধুবুৰীৰ পৰা শদিয়ালৈ কৰিবলগীয়া এই যাত্ৰা ধুবুৰী জিলাৰ গোলকগঞ্জৰ পৰা আৰম্ভ হ’ব।

অসম প্ৰদেশ কংগ্ৰেছ ভাৰত জোড়ো যাত্ৰাক লৈ প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে এ আই ইউ ডি এফ বিধায়ক কৰিমউদ্দিন বৰভূঞাই।

ভূঞাই কয়- কংগ্ৰেছে বিজেপিৰ লগত নুযুঁজে, কিন্তু ভাৰত জোৰো যাত্ৰা কৰি থাকিব। উজনিলৈ নাযায়। বিজেপিৰ লগত যুঁজিলে উজনিৰ পৰা আৰম্ভ কৰিব লাগিছিল। তেওঁলোকৰ টাৰ্গেট AIUDF। আজমলে যিমান কাম কৰিছে সেয়া দেখি শংকিত হৈছে কংগ্ৰেছ।

ইপিনে ৰাজ্যজুৰি চলি থকা মিঞা মিউজিয়ামক লৈও প্ৰতিক্ৰিয়া প্ৰকাশ কৰে বিধায়কগৰাকীয়ে।

তেওঁ কয়- লণ্ডনত মিঞা মিউজিয়াম খুলিলে সকলোতে প্ৰচাৰ হ’ব, কোনোবাই বন্ধ কৰিব পাৰিব নেকি? মিঞা মানুহে ভোট দি আছে, কৰ দি আছে। অসমীয়া ভাষা মিঞা মানুহখিনিয়েই জীয়াই ৰাখিছে।

লগতে তেওঁ কয়- পাঞ্জাৱ, হাৰিয়ানা বা অসমৰ সকলোতে নাঙল ব্যৱহাৰ কৰে, সেইটো অসমীয়াৰ কেনেকৈ হ’ব? মিঞা মিউজিয়াম ইছ্যু ডাইভাৰ্ট কৰা কৌশল। অসমীয়া জাতি ইমানেই দুৰ্বল নেকি যে মিউজিয়াম এটা খুলিলেই অসমীয়াৰ প্ৰতি ভাবুকি হ’ব?

Related Articles

Back to top button