অসম
অসমীয়া ভাষাক অপমান! বাংলা ভাষাৰ বেনাৰত ক’লা ৰং সানিলে বীৰ লাচিত সেনাই…

মন্দিৰত বাংলা ভাষাৰ বেনাৰ লগোৱাক লৈ উত্তপ্ত পৰিস্থিতি।
বাংলা ভাষাৰ বেনাৰত ক’লা ৰং সানিলে বীৰ লাচিত সেনাই।
তিনিচুকীয়া বাংলা ভাষাত লিখা বেনাৰকলৈ উত্তপ্ত পৰিস্থিতি।
তিনিচুকীয়াৰ দূৰ্গাবাৰীস্থিত মন্দিৰত বাংলা ভাষাত লিখা বেনাৰক লৈ উত্তাল প্ৰতিবাদ বীৰ লাচিত সেনাৰ।
তিনিচুকীয়াৰ দুৰ্গাবাৰীস্থিত এটা মন্দিৰত লগাই থোৱা কেইখনমান বাংলাভাষাৰ বেনাৰ প্ৰত্যক্ষ কৰাৰ পিছতে উত্তপ্ত পৰিস্থিতিৰ সৃষ্টি কৰে তিনিচুকীয়াৰ বীৰ লাচিত সেনাই।
বীৰ লাচিত সেনাৰ এটা দলে মন্দিৰটোত উপস্থিত হৈ ঘটনাৰ সৈতে জড়িত লোকক ক্ষমা খোজাৰ দাবী জনোৱাৰ লগতে কেইবাখনো বেনাৰত ক’লা ৰং সানি তীব্ৰ প্ৰতিবাদ সাব্যস্ত কৰে।
সংগঠনটোৱে অসমত অসমীয়া ভাষাক অপমান কৰা সহ্য কৰিব নোৱাৰি বুলি মন্তব্য কৰাৰ লগতে ভৱিষ্যতে এনে কাৰ্য নকৰিবলৈ সকলোকে তীব্ৰ সকীয়নি প্ৰদান কৰে।