অসমীয়া জাতিৰ গুৰুজনা কোন, কোনেও নাজানেঃ জুবিন গাৰ্গ…

শংকৰদেৱক লৈ জনাৰ্দন দেৱগোস্বামীয়ে কৰা মন্তব্যক লৈ ৰাজ্যত অব্যাহত আছে প্ৰতিক্ৰিয়া।
শংকৰদেৱ গুৰু হয়নে নহয় তাক লৈ চলি থকা বিতৰ্কৰ মাজতে এইবাৰ প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে জুবিন গাৰ্গে।
তেওঁ কয়- অসমীয়া জাতিৰ গুৰুজনা কোন, কোনেও নাজানে। মোৰ কোনো জাতি নাই, ধৰ্ম নাই, ভগৱান নাই। মই প্ৰকৃতিক বিশ্বাস কৰো।
ইয়াৰ উপৰি, অসমীয়াৰ সংজ্ঞা সন্দৰ্ভতো মন্তব্য কৰি কয়, ‘অসমীয়াৰ সংজ্ঞানো কি? অসম সাহিত্য সভাই নিজেই ইংৰাজীত নিজৰ পৰিচয় ভুলকৈ লিখে। নিজৰ ভুল শুধৰাই বাকী কথা কওক। বিষ্ণুৰাভাই তাহানিতে কৈ গৈছে গুটি অবিহনে গছৰ ভৱিষ্যত অন্ধকাৰ বুলি’।
উল্লেখ্য যে দক্ষিণপাট গৃহাশ্ৰমী সত্ৰৰ সত্ৰীয়া জনাৰ্দন দেৱগোস্বামীয়ে অলপতে শংকৰদেৱ সন্দৰ্ভত কেতবোৰ অতি বিতৰ্কমূলক মন্তব্য কৰিছিল।
গোস্বামীয়ে শংকৰদেৱ গুৰু নহয় বুলি মন্তব্য কৰাৰ লগতে তেওঁক এগৰাকী সাঁতোৰবিদ, মল্লযোদ্ধা অৰ্থাত এজন ভাল ক্ৰীড়াবিদ আখ্যা দিছিল