অসমলৈ ৫১ লাখ টকাৰ বান সাহায্য একনাথ ছিন্দেপন্থী শিৱসেনা-নিৰ্দলীয় বিধায়কৰ…

বলিয়া বানে সৰ্বস্বান্ত কৰিলে ৰাজ্যবাসীক।
উজনি কি নামনি সকলোতে বানপানীৰ ভয়াৱহ পৰিস্থিতি।
বানপানীৰ কবলত পৰি ঘৰবাৰী হেৰুৱাই আলৈ আথানি নোহোৱা হৈ পৰিছে বহু লোকৰ। ঠায়ে ঠায়ে এটুপি খোৱাপানীৰ বাবে হাহাকাৰ কৰিছে বন্যাৰ্তই।
ৰাজ্যৰ ভয়াৱহ বান পৰিস্থিতিৰ প্ৰতি লক্ষ্য ৰাখি ইতিমধ্যে বহু বিশিষ্ট লোকে অসমলৈ আগবঢ়াইছে সহায়ৰ হাত।
এইবাৰ অসমৰ বান পীড়িতৰ বাবে মুখ্যমন্ত্ৰীৰ সাহায্য পুঁজিলৈ ৫১ লাখ টকাৰ সাহায্য আগবঢ়াইছে একনাথ ছিন্দেপন্থী শিৱসেনা-নিৰ্দলীয় বিধায়কে।
आसाम मधील पूरग्रस्त बांधवांच्या मदतीसाठी शिवसेनेचे सर्व आमदार तसेच सहयोगी आमदारांच्या वतीने आसाम मुख्यमंत्री मदत निधीत 51 लाख रुपयांची मदत करण्याचा निर्णय.#ShivsenaMaharashtraWithAssam
— Eknath Shinde – एकनाथ शिंदे (@mieknathshinde) June 29, 2022
টুইটাৰযোগে এই কথা সদৰি কৰিছে মহাৰাষ্ট্ৰৰ শিৱসেনাৰ বিসম্বাদী বিধায়ক একনাথ ছিন্দেই।
গুজৰাট এৰি এই বিধায়কসকল অসমত উপস্থিত হোৱাৰ সময়ৰে পৰা বৰ্তমানলৈকে ৰাজ্যৰ বান পৰিস্থিতিয়ে জটিল ৰূপৰ সৃষ্টি কৰিছে।
উল্লেখ্য যে, যোৱা কিছুদিন ধৰি গুৱাহাটীত হোটেল ৰেডিশ্যন ব্লুত বাহৰ পাতি আছিল একনাথ সিন্দেসহ মহাৰাষ্ট্ৰৰ কেইবাজনো বিধায়কে।

অবশ্যে আজি গুৱাহাটী এৰাৰ সম্ভাৱনা আছে মহাৰাষ্ট্ৰৰ বিসম্বাদী বিধায়কৰ দলটোৰ।
গুৱাহাটী এৰাৰ পূৰ্বে মা কামাখ্যাৰ আশীষ লৈ গুৱাহাটী এৰিবলৈ সাজু মহাৰাষ্ট্ৰৰ বিসম্বাদী বিধায়কৰ দল।

যাৰ বাবে এতিয়া মহাৰাষ্ট্ৰ উদ্ধৱ ঠাকৰে চৰকাৰ আস্থা ভোটৰ সন্মুখীন হোৱাৰ সম্ভাৱনাই দেখা দিছে।
উল্লেখ্য যে, বিগত ২১ জুন মঙলবাৰৰ পৰা গুৱাহাটীৰ আগশাৰীৰ হোটেল ৰেডিছন ব্লুত বাহৰ পাতি আছে সিন্ধে গোট।