fbpx
অসমীয়াঅসম

অসমলৈ পুনৰ আহি আছে NRCৰ প্ৰাক্তন সমন্বয়ক প্ৰতীক হাজেলা…

নিউজ ডেস্কঃ অসমলৈ পুনৰ উভতি আহিব এনআৰচিৰ প্ৰাক্তন সমন্বয়ক আই এ এছ বিষয়া প্ৰতীক হাজেলা।

মধ্যপ্ৰদেশত বিগত ৩ বছৰ ধৰি কাৰ্যৰত হৈ থকাৰ পিছত পুনৰ তেওঁক বদলি কৰা হৈছে অসমলৈ।

উল্লেখ্য যে, মধ্যপ্ৰদেশৰ অটল বিহাৰী বাজপেয়ী ইনষ্টিটিউট অৱ গুড গভৰ্নেন্স এণ্ড পলিচী এনালাইছিছৰ প্ৰধান সচিব আৰু মুখ্য কাৰ্যবাহী বিষয়া হিচাপে কাৰ্যৰত আছিল প্ৰতীক হাজেলা।

মধ্যপ্ৰদেশৰ বাসিন্দা তথা ১৯৯৫ চনৰ অসম-মেঘালয় বেটছৰ কেডাৰ আই এ এছ বিষয়া হাজেলাক আদালতে এন আৰ চিৰ সমন্বয়ক হিচাপে নিযুক্তি প্ৰদান কৰিছিল।

পৰৱৰ্তী সময়ত এন আৰ চিৰ প্ৰক্ৰিয়াত কোনো ধৰণৰ ভাবুকিৰ আশংকা কৰি উচ্চতম ন্যায়ালয়ে কেন্দ্ৰ আৰু অসম চৰকাৰক ২০১৯ চনত সম্ভৱপৰ সৰ্বাধিক সময়ৰ বাবে হাজেলাক মধ্যপ্ৰদেশলৈ বদলি কৰিবলৈ নিৰ্দেশ দিয়ে।

কিন্তু এনআৰচিৰ প্ৰক্ৰিয়াকৰণৰ নামত সংঘটিত কেলেংকাৰী পোহৰলৈ অহাৰ পিছতে তদন্তৰ আওতাত সোমাই পৰিছিল প্ৰাক্তন সমন্বয়ক হাজেলাও।

এনআৰচি কৰ্তৃপক্ষই প্ৰতীক হাজেলাৰ বিৰুদ্ধে চিআইডিত দাখিল কৰিছিল এজাহাৰ।

হাজেলাৰ বিৰুদ্ধে এন আৰ চি বিসংগতিৰ পৰিপ্ৰেক্ষিতত অসমত ৫ খন এজাহাৰ দাখিল কৰা হৈ আছে। ইয়াৰে এটা গোচৰ ৰাষ্ট্ৰদ্ৰোহৰ সৈতেও জড়িত।

তদুপৰি প্ৰত্যাৱৰ্তনৰ জাননীৰ এদিন পূৰ্বে হাজেলাক মধ্যপ্ৰদেশৰ সামাজিক ন্যায় বিভাগৰ পৰাও অপসাৰণ কৰা হোৱা বুলি জানিব পৰা গৈছে।

Related Articles

Back to top button

Adblock Detected

Please deactivate AdBlocker to support us!