অসমলৈ আহিব ১ কোটি ৯০ লাখ হিন্দু বাংলাদেশীঃ অখিল গগৈ…

কৃষকৰ প্ৰতিবাদত সেও মানি অৱশেষত কেন্দ্ৰীয় চৰকাৰে বাতিল কৰিবলৈ বাধ্য হ’ল বিতৰ্কিত ৩ কৃষি আইন।
ইয়াৰ পাছতে যেন অসম তথা উত্তৰ পূৰ্বাঞ্চলত পুনৰ উক-মুকনি উঠিছে কা বিৰোধী আন্দোলনে।
প্ৰতিবাদী কৃষকৰ জয়ৰ পিছতে যেন সম্বিত ঘূৰাই পাইছে অসমৰ বহু জাতীয় দল-সংগঠনৰ নেতাও।
কৃষক আন্দোলনৰ পৰা যেন একপ্ৰকাৰে শিক্ষা লাভ কৰিছে অসমৰ ‘কা’ আন্দোলনৰ গুৰি ধৰোতাসকলে।
দেওবাৰে শিৱসাগৰ সমষ্টিৰ বিধায়ক অখিল গগৈয়ে অসমত আকৌ ‘কা’ আন্দোলন হ’ব লাগে বুলি মন্তব্য কৰিছে।
অখিল গগৈয়ে সংবাদ মাধ্যমৰ আগত কয়, ‘কা আইনত প্ৰণয়ন হ’লে ১ কোটি ৯০ লাখ হিন্দু বাংলাদেশী অসমলৈ আহিব। কা আন্দোলন বন্ধ হোৱাৰ মূল কাৰণ দুটা। জাতীয় সংগঠনৰ বাবেই ৰাজপথৰ পৰা খেলপথাৰ পাইছিল কা বিৰোধী আন্দোলন’।
‘মই জেলত থকাৰ সময়তে জাতীয় সংগঠনৰ নেতৃত্বই আপোচ কৰিলে চাগে। ইমান ডাঙৰ আন্দোলন এটাৰ দায়িত্ব ল’ব নোৱাৰিলে জাতীয় সংগঠনৰ নেতাই।’
গগৈয়ে লগতে কয়- ‘মই অকলে কৰিব নোৱাৰো, সেয়ে মই সকলো খিলঞ্জীয়া সংগঠনক পুনৰ এবাৰ একেলগে হাত মিলাবলৈ আৰু কোনো আপোচ নকৰাকৈ কা বিৰোধী আন্দোলন পুনৰ আৰম্ভ কৰিবলৈ অনুৰোধ জনাইছো।’