অসমলৈ আন এক সন্মানঃ ‘কুমু’লৈ জন আব্ৰাহাম শ্ৰেষ্ঠ চুটি ছবিৰ বঁটা…

ৰাষ্ট্ৰীয় চলচ্ছিত্ৰ জগতত পুনৰ এবাৰ জিলিকি উঠিল অসমৰ আন এগৰাকী সুসন্তান। কেৰালাৰ ফেডাৰেশ্যন অব ফিল্ম ছ’চাইটিজ অব ইণ্ডিয়াৰ, কেৰেলামৰ দ্বাৰা অনুষ্ঠিত কৰা SIGNS চলচিত্ৰ মহোৎসৱত সন্মানীয় ‘জন আব্ৰাহাম শ্ৰেষ্ঠ চুটি ছবিৰ বঁটা’ লাভ কৰিবলৈ সক্ষম হয় অসমৰ আকাংক্ষা ভাগৱতীয়ে।
তেওঁ প্ৰথমবাৰৰ বাবে পৰিচালনা কৰি ‘কুমু’ শীৰ্ষক চুটি ছবিখনৰ বাবে লাভ কৰে এই বিশেষ সন্মান।
উল্লেখ্য যে, এগৰাকী ১২ বছৰীয়া আদিবাসী কিশোৰীৰ জীৱন গাঁঠাক লৈ নিৰ্মিত ছবিখনে সন্মানীয় ‘জন আব্ৰাহাম শ্ৰেষ্ঠ চুটি ছবি’ৰ বঁটা লাভ কৰাক লৈ গৌৰৱাম্বিত হৈ পৰিছে ৰাজ্যবাসী। অপ্ৰত্যাশিতভাৱে এই বঁটা লাভ কৰি সুখী হৈ পৰিছে আকাংক্ষা ভাগৱতীও।
অসমৰ বিশিষ্ট চলচিত্ৰ প্ৰযোজক/পৰিচালক পাৰ্থজিৎ বৰুৱাৰ তথ্যচিত্ৰ “ঈশ্বৰৰ সন্তান”(The Children of God)ৰ সহকাৰী পৰিচালনাৰে চলচ্ছিত্ৰ জগতত আত্মপ্ৰকাশ ঘটা আকাংক্ষা ভাগৱতী বৰ্তমান তেজপুৰ বিশ্ববিদ্যালয়ৰ গণসংযোগ বিভাগৰ চূড়ান্ত বৰ্ষত অধ্যয়নৰত।
ছবি পৰিচালনাৰ কোনো আনুষ্ঠানিক শিক্ষা গ্ৰহণ নকৰাকৈ কেৱল দেখি-শুনিয়ে ‘কুমু’ৰ দৰে এখন চুটি ছবি নিৰ্মাণ কৰিবলৈ সক্ষম হোৱা আকাংক্ষা ভাগৱতীয়ে কয়, ‘অসমৰ চাহ বাগানৰ এগৰাকী আদিবাসী কিশোৰীৰ জীৱনৰ গাঁঠাক চলচ্ছিত্ৰৰ মাধ্যমেৰে মই ফুটাই তুলিবলৈ চেষ্টা কৰিছিলো। মোৰ এই চেষ্টাই এনে এটি সন্মানীয় বঁটা প্ৰদান কৰাত মই যথেষ্ট আনন্দিত হৈছো।’
উল্লেখ্য যে, ‘কুমু’ৰ মুখ্য চৰিত্ৰত অভিনয় কৰিছে নগাঁৱৰ ধনতুলা চাহ বাগানৰ নয়নমণি মুৰাই। ধনতুলা বাগানতে চিত্ৰগ্ৰহণ সম্পন্ন কৰা ‘কুমু’ৰ সংগীত দিছে জনপ্ৰিয় সংগীত শিল্পী তৰালী শৰ্মাই। চুটি ছবিখনৰ চিত্ৰগ্ৰহণ কৰিছে চিদা বৰাই। শব্দ দিছে ৰাষ্ট্ৰীয় পুৰস্কাৰপ্ৰাপ্ত শব্দযন্ত্ৰী দেৱজিৎ গায়নে। আনহাতে কালাৰ গ্ৰেডিঙত আছে ৰাষ্ট্ৰীয় পুৰস্কাৰপ্ৰাপ্ত সূৰজ দুৱৰা।