
নিউজ ডেস্ক। পুনৰ ৰাষ্ট্ৰীয় পৰ্যায়ত উজলিল এগৰাকী অসম সন্তান।
কেন্দ্ৰীয় যুৱ পৰিক্ৰমা আৰু খেল মন্ত্ৰ্যালয়ৰ অধীনস্থ ৰাষ্ট্ৰীয় সেৱা আঁচনি (NSS) ত শ্ৰেষ্ঠত্ব প্ৰদৰ্শনেৰে পুৰস্কাৰৰ বাবে নিৰ্বাচিত হ’ল গুৱাহাটীৰ বি. বৰুৱা মহাবিদ্যালয়ৰ সহকাৰী অধ্যাপক ডঃ সত্যব্ৰত বৰুৱা।
ৰাষ্ট্ৰীয় পৰ্যায়ত ২০২০-২১ বৰ্ষৰ বাবে এনএছএছৰ শ্ৰেষ্ঠ প্ৰোগ্ৰেম অফিচাৰৰ বঁটাৰ বাবে নিৰ্বাচিত হ’ল ডঃ সত্যব্ৰত বৰুৱা।

অহা ২৪ চেপ্তেম্বৰত নতুন দিল্লীস্থিত ৰাষ্ট্ৰপতি ভৱনৰ দৰবাৰ হলত ৰাষ্ট্ৰপতি দ্ৰৌপদী মূৰ্মুৱে প্ৰদান কৰিব এই বঁটা।
উল্লেখ্য যে ডঃ সত্যব্ৰত বৰুৱা বি বৰুৱা মহাবিদ্যালয়ৰ এনএছএছ গোটৰ প্ৰোগ্ৰেম অফিচাৰ।
জানিব পৰা মতে, ইং ২০১৪ বৰ্ষৰ পৰাই মহাবিদ্যালয়খনৰ এনএছএছ গোটটোৰ প্ৰোগ্ৰেম অফিচাৰৰ দায়িত্ব লৈ আজিকোপতি সুকলমে পৰিচালনা কৰি আহিছে ডঃ বৰুৱাই।
তেওঁৰ নেতৃত্বতে অসমৰ ভিন্ন প্ৰান্তত বিভিন্ন সমাজসেৱামূলক কাৰ্যসূচী ৰূপায়নৰ জৰিয়তে ৰাইজলৈ বিভিন্ন সেৱা প্ৰদান কৰা হৈছে।