অসমীয়াঅসম

অসমত সংঘটিত হোৱা নাই এটাও এনকাউণ্টাৰৰ ঘটনা! মন্ত্ৰী পীযুষ হাজৰিকাই দাখিল কৰা লিখিত তথ্যক লৈ উত্তপ্ত সদন…

নিউজ ডেস্কঃ যোৱা তিনি বছৰত অসমত সংঘটিত হোৱা নাই এটাও এনকাউণ্টাৰৰ ঘটনা।

অসম বিধানসভাৰ শীতকালীন অধিৱেশনৰ মাজতে সদনত লিখিত ৰূপত সংসদীয় পৰিক্ৰমা মন্ত্ৰী পীযুষ হাজৰিকাই দাখিল কৰা তথ্যৰ পিছতে উত্তপ্ত পৰিস্থিতিৰ সৃষ্টি হয় সদনত।

বিধায়ক অখিল গগৈয়ে মন্ত্ৰী হাজৰিকাক উভতি ধৰি সদনত ভুল তথ্য প্ৰদান কৰাৰ অভিযোগ উত্থাপন কৰে।

সমান্তৰালভাৱে কংগ্ৰেছ আৰু এআইইউডিএফৰ বিধায়কেও চৰকাৰে এনকাউণ্টাৰক লৈ দাখিল কৰা তথ্যক লৈ আপত্তি দৰ্শাই হুলস্থূলীয়া পৰিৱেশৰ সৃষ্টি কৰে।

শাসক-বিৰোধীৰ মাজত সৃষ্টি হোৱা এই উত্তপ্ত পৰিস্থিতিৰ বাবে এঘণ্টাৰ বাবে সদন স্থগিত ৰাখে অধ্যক্ষ বিশ্বজিৎ দৈমাৰীয়ে।

উল্লেখ্য যে, মুখ্যমন্ত্ৰী হিচাপে হিমন্ত বিশ্ব শৰ্মাই দায়িত্ব গ্ৰহণ কৰাৰ পিছতে ৰাজ্যত অবাধ হাৰত এনকাউণ্টাৰৰ ঘটনা সংঘটিত হোৱাৰ অভিযোগ উত্থাপন হৈ আহিছে।

এনে এনকাউণ্টাৰৰ অধিকাংশই ভুৱা বুলিও অভিযোগ কৰি আহিছে বিৰোধীয়ে।

তথ্য অনুসৰি, ২০২১ চনৰ মে’ মাহৰ পৰা বিগত ১৩ মাহত ৰাজ্যত সংঘটিত হৈছে মুঠ ১৬১টা এনকাউণ্টাৰৰ ঘটনা।

কিন্তু তাৰ পিছতো ৰাজ্যত কোনো এনকাউণ্টাৰ সংঘটিত হোৱা নাই বুলি মন্ত্ৰী পীযুষ হাজৰিকাই দাখিল কৰা তথ্যই স্বাভাৱিকতে সৃষ্টি কৰিছে তীব্ৰ প্ৰতিক্ৰিয়াৰ।

প্ৰণিধানযোগ্য যে, এদিন পূৰ্বেও মহানগৰীত দুজন মোবাইল চোৰৰ ওপৰত গুলীচালনা কৰিছিল আৰক্ষীয়ে।

আৰক্ষীৰ এই এনকাউণ্টাৰো ভুৱা বুলি ইতিমধ্যে অভিযোগ উত্থাপন হৈছে।

Related Articles

Back to top button