অসমত যিমানেই আন্দোলন আৰু সংগ্ৰাম হ্ৰাস পাইছে, সিমানেই ছাত্ৰ-ছাত্ৰীয়ে জীৱনত আগুৱাই যোৱাৰ প্ৰেৰণা লাভ কৰিছেঃ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা

নিউজ ডেস্কঃ অসমত যিমানেই আন্দোলন আৰু সংগ্ৰাম হ্ৰাস পাইছে, সিমানেই ছাত্ৰ-ছাত্ৰীয়ে জীৱনত আগুৱাই যোৱাৰ প্ৰেৰণা লাভ কৰিছে। – এই মন্তব্য ৰাজ্যৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ।

অসমত সময়ে সময়ে সাব্যস্ত হৈ অহা আন্দোলনৰ বাবেই ছাত্ৰ-ছাত্ৰীসকলৰ বাবে শিক্ষাৰ পৰিৱেশ নাইকীয়া হোৱা বুলি প্ৰকান্তৰে প্ৰতিপন্ন কৰিব বিচাৰি মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই কয় যে অসমত শিক্ষাৰ পৰিৱেশ ধৰি ৰাখিব পাৰিলে অসমীয়া জাতিটো বহুদূৰ আগুৱাই যাবলৈ সক্ষম হ’ব।

পূৰ্বৰ আৰু আজিৰ সময়ৰ তুলনা ডাঙি ধৰি মুখ্যমন্ত্ৰী শৰ্মাই কয় যে অসমত পূৰ্বে মেডিকেল কলেজ, কৃষি বিশ্ববিদ্যালয় আদিৰ সংখ্যা কম আছিল। আজি অসমত কিমানখন মেডিকেল কলেজ আছে, সেয়া হিচাপ কৰিবলৈ গ’লে নিজৰেই ভুল লাগিব বুলিও মন্তব্য কৰে মুখ্যমন্ত্ৰী শৰ্মাই।

আজি সমগ্ৰ দেশত অসমীয়া ছাত্ৰ-ছাত্ৰীসকলক প্ৰশংসা কৰা হৈছে বুলি মন্তব্য কৰি হিমন্ত বিশ্ব শৰ্মাই কয় যে এটা দশকৰ ভিতৰত গোটেই ভাৰতত অসমীয়া বিয়পি পৰিব।

অন্যহাতে বৰ্তমান অসমৰ ছাত্ৰ-ছাত্ৰীয়ে চিকিৎসা বিজ্ঞান পঢ়িবলৈ বহিঃ ৰাজ্যলৈ যাব নালাগে বুলি মন্তব্য কৰে মুখ্যমন্ত্ৰীয়ে। তেওঁ কয় যে বৰ্তমান অসময় ১১০০ মেডিকেল চিট আছে। ২০৩০ চনৰ ভিতৰত এই আসনৰ সংখ্যা ৩০০০ খনলৈ বৃদ্ধি পাব বুলিও দৃঢ়তাৰে কয় মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই।