অসমত ভাঙি পেলোৱা হ’ব পাৰে ৪ খন টোলগেট, কাৰণ…

নিউজ ডেস্কঃ ভাঙি পেলোৱা হ’ব পাৰে অসমৰ ৪ খন টোলগেট। ৰাষ্ট্ৰীয় ঘাইপথ প্ৰাধিকৰণ চমুকৈ এনএইছএআইৰ বিধি উলংঘা কৰি স্থাপন কৰাৰ বাবেই অসমৰ ৪ খন টোলগেট ভাঙি পেলোৱা হব পাৰে।

উল্লেখ্য যে, এনএইছএআইৰ বিধি উলংঘা কৰি দেশত স্থাপন কৰা ১৮৯খন টোলগেট চিনাক্ত কৰা হৈছে। যাৰ ভিতৰত আছে অসমৰ ৪খন টোলগেটো।

আৰটিআইৰ জৰিয়তে গ্ল’বেল পেনডেমিক ৰেচপনছ ফ’ৰাম নামৰ এটা স্বেচ্ছাসেৱী সংগঠনে এই তথ্য লাভ কৰাৰ পিছতে সৃষ্টি হৈছে প্ৰতিক্ৰিয়াৰ। স্বেচ্ছাসেৱী সংগঠনটোৰ সঞ্চালক ৰাকেশ হাজৰিকাই জনোৱা মতে, তথ্যৰ অধিকাৰ আইনৰ জৰিয়তে লাভ কৰা তথ্য অনুসৰি ৰাষ্ট্ৰীয় ঘাইপথত স্থাপন কৰা প্ৰতিখন টোলগেটৰ মাজত ৬০ কিলোমিটাৰ ব্যৱধান থাকিব লাগে।

tollgate
অসমত ভাঙি পেলোৱা হ’ব পাৰে ৪ খন টোলগেট, কাৰণ… 2

কিন্তু এনএইছএআইৰ এই নিয়ম উলংঘা কৰি নিৰ্মাণ কৰা দেশত ১৮৯খন টোলগেট ইতিমধ্যে চিনাক্ত কৰা হৈছে। তাৰে ভিতৰত অসমৰ ৪খন টোলগেটো আছে।

এনএইছএআয়ে দিয়া তথ্য অনুসৰি অসমৰ মদনপুৰ আৰু নাজিৰাখাটত স্থাপন হোৱা টোলগেট দুখনৰ মাজৰ ব্যৱধান হ’ল ৫৯ কিলোমিটাৰ। তদুপৰি দাহালপাৰা আৰু পাটগাঁৱত স্থাপন হোৱা টোলগেট দুখনৰ মাজৰ ব্যৱধান হ’ল ৫৪ কিলোমিটাৰ।

মিকিৰআটি আৰু ৰহাত স্থাপন হোৱা টোলগেট দুখনৰ মাজৰ ব্যৱধান হ’ল ৫৩ কিলোমিটাৰ আৰু গলিয়া আৰু দাহালপাৰাৰ মাজত স্থাপিত টোলগেট দুখনৰ মাজত ব্যৱধান মাত্র ৪৬ কিলোমিটাৰ।

প্ৰণিধানযোগ্য যে, অলপতে সদনত কেন্দ্ৰীয় মন্ত্ৰী নীতিন গাডকাৰীয়ে এনএইছএআইৰ বিধি উলংঘা কৰি নিৰ্মাণ কৰা টোলগেট সমূহ চিনাক্ত কৰি ভাঙি পেলোৱা হব বুলি মন্তব্য কৰিছিল। মন্ত্ৰণালয়ে এই সিদ্ধান্ত কাৰ্যকৰী কৰিলে অসমতো ৪ খন টোলগেট ভাঙি পেলোৱা হব।