অসমত বানৰ তাণ্ডৱঃ মুখ্য়মন্ত্ৰী সাহায্য নিধিলৈ কণ্ঠশিল্পী চনু নিগমৰ ৫ লাখ টকাৰ সাহায্য…

ৰাজ্যত অব্যাহত আছে বলিয়া বানৰ সংহাৰী ৰূপ।
বানৰ কবলত পৰি ৰাজ্যৰ লাখ লাখ লোকে হেৰুৱাব লগা হৈছে ঘৰবাৰী।
ভয়াৱহ বানৰ কবলত পৰা ৰাজ্যবাসীলৈ সহায়ৰ হাত আঘবঢ়াইছে বলিউদৰ জনপ্ৰিয় কণ্ঠশিল্পী চনু নিগমে।
চনু নিগমে মঙলবাৰে মুখ্যমন্ত্ৰী সাহায্য পুঁজিলৈ আঘবঢ়াইছে ৫ লাখ টকাৰ সাহায্য।
বলিউদৰ কণ্ঠশিল্পী গৰাকীয়ে অসমৰ বানাক্ৰান্ত ৰাইজলৈ সাহায্য আগবঢ়োৱাৰ পাছতে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই টুইটাৰযোগে চনু নিগমৰ প্ৰচেষ্টাৰ সলাগ লৈ ধন্যবাদ জ্ঞাপন কৰে।
Empathising with the flood-affected people of Assam, renowned singer Shri Sonu Nigam contributed ₹5 lakh to CM Relief Fund as assistance to our relief and rehabilitation measures.
— Himanta Biswa Sarma (@himantabiswa) June 21, 2022
My deep gratitude to him for his concern and act of benevolence.
উল্লেখ্য যে, চলিত বৰ্ষত অতি বৰষুণ হোৱাৰ ফলতে অসমত বান সমস্যাই শোচনীয় ৰূপ ধাৰণ কৰিছে।
চনু নিগমৰ পূৰ্বে বলিউদৰ জনপ্ৰিয় অভিনেতা অৰ্জুন কাপুৰ আৰু পৰিচালক ৰোহিত শেট্টিয়ে ক্ৰমে ৫ লাখ টকাকৈ মুখ্যমন্ত্ৰীৰ সাহায্য পুঁজিলৈ আগবঢ়াইছিল।